Image

ভেনিজুৱেলাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ নাম ঘোষণা

ভেনিজুৱেলাত এয়াৰ ষ্ট্ৰাইক কৰাৰ পাছত ৰাষ্ট্ৰপতি মাডুৰোক গ্ৰেপ্তাৰ কৰি দেশৰ পৰা লৈ যোৱাৰ পাছত ভেনিজুৱেলাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ নাম ঘোষণা হৈছে। ডেলচি ৰড্ৰিগেজ হ’ব অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতি। ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত।

উল্লেখ কৰা প্ৰয়োজন যে, ডেলচি ৰড্ৰিগেজৰ ওপৰত সমৰ্থন দিছে ট্ৰাম্পে। কিয়নো উচ্চতম ন্যায়ালয়ে ঘোষণা কৰাৰ পূৰ্বেই ট্ৰাম্পে ঘোষণা কৰিছিল এই কথা। ট্ৰাম্পে এই ঘোষণাও কৰিছিল যে, ভেনিজুৱেলাৰ উজ্বল ভৱিষ্যতৰ বাবে আমেৰিকাই দেশখনক চোৱাচিতা কৰিব।

অন্তৰ্ৱৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে পূৰ্বে ভেনিজুৱেলাৰ বিত্ত আৰু তেল মন্ত্ৰী আছিল। ৫৬বছৰীয়া মহিলাগৰাকী ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে আছিল এগৰাকী অধিবক্তা। ইফালে আমেৰিকান সেনাৰ জিম্মাতে আছে ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো। আমেৰিকাৰ আক্ৰমণত ৪০ জনকৈ লোকৰ মৃত্যু হোৱা বুলিও দাবী কৰিছে ভেনিজুৱেলাই।

Releated Posts

যুদ্ধৰ অন্ত পৰাৰ পিছতেই পুনৰ আমেৰিকাক অপেন চেলেঞ্জ ইজৰাইলৰ

যুদ্ধৰ অন্ত পৰাৰ পিছতেই পুনৰ আমেৰিকাক অপেন চেলেঞ্জ ইজৰাইলৰ ইৰাণ-আমেৰিকাৰ শান্তি চুক্তি নামানে ইজৰাইলে ইৰাণ-আমেৰিকাৰ চুক্তিত সহমত নহয়…

ByByMahesh Malakar Jun 16, 2026

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য খাৰুৱা তেলক লৈ আহিব পাৰে বেয়া খবৰ নাটনি হ’ব পাৰে তেল…

ByByMahesh Malakar Jun 14, 2026

ফিফা বিশ্বকাপত চুৰৰ উপদ্ৰৱ

ফিফা বিশ্বকাপত চুৰৰ উপদ্ৰৱ কেনেকৈ সংঘটিত হৈছিল ফিফা বিশ্বকাপত চুৰি কাণ্ড? আমেৰিকাৰ কানছাছ চিটিৰ পৰা চোৰে চুৰ কৰি…

ByByMahesh Malakar Jun 14, 2026

ফিফা বিশ্বকাপলৈ মাত্ৰ কেইটামান ঘণ্টা

ফিফা বিশ্বকাপলৈ মাত্ৰ কেইটামান ঘণ্টা বিশ্বত ফুটবল বিশ্বকাপৰ উন্মাদনা দুই প্ৰিয় তাৰকা মেছি আৰু ৰোনাল্ডোৰ দুই ভৰিৰ যাদু…

ByByMahesh Malakar Jun 11, 2026
Scroll to Top