২৮ ফেব্ৰুৱাৰীৰ পৰা ৰাইজৰ আৰ্শীবাদ ল’বলৈ ওলাব বিজেপি প্ৰাৰ্থী ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত আৰম্ভ হ’ব বিজেপি আৰ্শীবাদ যাত্ৰা ৷ অমি অতি সৎ সাহসেৰে ৰাইজৰ ওচৰত খতিয়ান দিবলৈ প্ৰস্তুত ৷ আমি প্ৰয়োজনতকৈ দুগুণ কাম কৰিছো ৷’’ বুধবাৰে এই মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷বিগত সময়ছোৱাত বিজেপিয়ে কৰা কামৰ আঁত ধৰি তেওঁ আৰু কয়, ‘‘আমি শান্তি-শৃংখলা বজাই ৰাখিছো, আইন শৃংখলা ৰক্ষাৰ স্বাৰ্থত কঠোৰ আইন প্ৰনয়ণ কৰিছো ৷ ৰাইজৰ আৰ্শীবাদত সেই সকলোবোৰ কৰিছো আৰু সফল হৈছো ৷’’আগন্তুক নিৰ্বাচন সন্দৰ্ভত তেওঁ কয়, ‘‘তিতাবৰত আমাৰ ৮ ৰ পৰা ১০ জনে প্ৰাৰ্থিত্ব বিচাৰিছে ৷ কিন্তু কংগ্ৰেছৰ পৰা ভাস্কৰ বৰুৱাইহে বিচাৰিছে ৷ এয়া আমাৰ বাবে শুভ লক্ষণ । যিজন ৰাইজৰ সেৱাৰ বাবে যোগ্য, সেইজনকে দলে প্ৰাৰ্থিত্ব দিব । কাৰণ গণতান্ত্ৰিক ব্যৱস্থাৰে বিজেপি দলৰ প্ৰাৰ্থী নিৰ্বাচন হয় ৷ কাৰণ বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় ।’’

বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় বুলি তিতাবৰত কংগ্ৰেছক কটাক্ষ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
Releated Posts
মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সময়তে ৰাজ্যত হোৰাহোৰে বাঢ়িল বাছ ভাড়া
মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সময়তে ৰাজ্যত হোৰাহোৰে বাঢ়িল বাছ ভাড়া হঠা ১০০ৰ পৰা ১৫০ টকা বৃদ্ধি বাছৰ ভাড়া তেলৰ…
বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা হ’ল অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ দিন
বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা হ’ল অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ দিন ৫ জুনতেই অসমত শপত ল’ব নতুন মন্ত্ৰীসভাই মন্ত্ৰীসভাৰ…
UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত
UCC গৃহীত হলেও থাকিব পাৰিব লিভ-ইন-ৰিলেচনশ্বীপত লিভ-ইনত থাকিবলৈ মানিব লাগিব কেইটামান বিশেষ নিৰ্দেশ ১০টা নিৰ্দেশ মানি চলিলে আপুনিও…
ডিমৰীয়াত দুৰ্ঘটনাগ্ৰস্ত হোৱাবাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা পৰিচয় পত্ৰ
ডিমৰীয়াত দুৰ্ঘটনাগ্ৰস্ত হোৱাবাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা পৰিচয় পত্ৰ পৰিচয় পত্ৰৰ ভিত্তিত মৃ*ত দুজন ব্যক্তি এগৰাকী ত্ৰিপুৰা শান্তিনিকেতন…












