• Home
  • অসম
  • গৌৰৱ গগৈৰ পৰা ৫০ হাজাৰ টিকটৰ টকা ঘূৰাই বিচাৰিলে লুইত কুমাৰ বৰ্মনে
Image

গৌৰৱ গগৈৰ পৰা ৫০ হাজাৰ টিকটৰ টকা ঘূৰাই বিচাৰিলে লুইত কুমাৰ বৰ্মনে

গৌৰৱ গগৈৰ পৰা ৫০ হাজাৰ টিকটৰ টকা ঘূৰাই বিচাৰিলে লুইত কুমাৰ বৰ্মনে

দিছপুৰ সমষ্টিৰ পৰা টিকট বিচাৰি আবেদন কৰিছিল লুইত কুমাৰ বৰ্মনে

কিন্তু তেওঁ টিকট নোপোৱাত গৌৰৱ গগৈৰ পৰা ৫০ হাজাৰ টকাৰ আবেদন মাচুল ঘূৰাই বিচাৰে লুইত কুমাৰ বৰ্মনে

সামাজিক মাধ্যমত দিয়া এটা পোষ্টত বৰ্মনে এইবুলি লিখিছে

গৌৰৱ গগৈৰ নিকা ভাবমূৰ্তি দেখিহে কংগ্ৰেছৰ পৰা টিকট বিচাৰিছিলোঁ

সকলোকে টিকট দিব যে পাৰিব সেয়া কোনো সভাপতিয়ে নোৱাৰে
আৰু এইটো সৰ্বজনবিদিত

কিন্তু সভাপতি এজনে কাৰোৱেই ফোন নধৰে, কাৰো মেছেজৰ উত্তৰ নিদিয়ে

তেনেকৈ দল চলাব পাৰিব নেকি?

সাধাৰণ ৰাইজ বাদ দিয়ক দলৰ মানুহৰে ফোন নধৰে

দলৰ কৰ্মীসকলে কাৰো দৰমহা নলয় যে তেওঁ যে ফোন নধৰিব বা মেছেজৰ উত্তৰ নিদিব

দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰা লোকসকলক তেওঁ এবাৰ লগ কৰিছে নে?

তেওঁ কাৰোবাক কৈছে নে চবকে টিকট দিয়া সম্ভৱ নহয়, গতিকে আপোনালোকে লাগক দলৰ হৈ

চৰকাৰ হ’লে সংস্থাপিত কৰিম

নিজৰ মানুহ কেইজনক যদি লগ কৰিছে নাজানো কিন্তু সাধাৰণ কৰ্মীক লগ কৰা নাই

বিজেপিৰ জয়জয় ময়ময় অৱস্থাত থকাৰ পিছতো পৰিত্ৰাণ বিচাৰিহে আদৰ্শগত কাৰণত টিকট বিচাৰিছি

টিকট যদি নিদিয়েই তেন্তে প্ৰাৰ্থীবোৰৰ ইমান খৰচ কৰাব নালাগিছিল৷

ৰকিবুল হুছেইন বা প্ৰদু্যৎ বৰদলৈৰ পুত্ৰৰ অসমৰ সমাজ জীৱনৰ প্ৰতি কি অৰিহণা আছে যে টিকট দিছে?

গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি দলটো পূৰা ধবংস কৰি দিয়ক মাত্ৰ নিজৰ ইগ’ৰ বাবে

Releated Posts

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হব ভোটগ্ৰহণ প্ৰক্ৰিয়া শ্ৰীভূমি জিলাত…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top