গুৱাহাটীত ভাৰ উত্তোলন চেম্পিয়নশ্বিপত ডিগবৈৰ জ্যোতি সূত্ৰধৰৰ সোণৰ পদক লাভ

গুৱাহাটীত ভাৰ উত্তোলন চেম্পিয়নশ্বিপত ডিগবৈৰ জ্যোতি সূত্ৰধৰে সোণৰ পদক লাভ কৰে। সদৌ অসম ভিত্তিত ৫২ সংখ্যক আন্তঃজিলা পুৰুষ-মহিলা ভাৰ উত্তোলন চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে ডিগবৈৰ জ্যোতি সূত্ৰধৰে।

মিৰ্জাত অনুষ্ঠিত অসমৰ বিভিন্ন জিলাৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ডিগবৈৰ ‘POWAR SUB JIM’ত অনুশীলন কৰা জ্যোতিয়ে মহিলাৰ ৬৯ কেজি শাখাত অংশ গ্ৰহণ কৰি সোণৰ পদক লাভ কৰি তিনিচুকীয়া জিলাৰ লগতে ডিগবৈলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

ভাৰ উত্তোলক জ্যোতি সূত্ৰধৰে আগন্তুক ৰাষ্ট্ৰীয় ভাৰ উত্তোলন চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে বুলিও জানিব পৰা গৈছে।

এই ভাল খবৰৰ বাবে ডিগবৈৰ ক্ৰীড়া প্ৰেমীলোক উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হোৱাত অনুৰাগীসকলে জ্যোতি সূত্ৰধৰক শুভেচ্ছা জ্ঞাপন কৰিছে।