• Home
  • অসম
  • মুম্বাইত এনচিপিৰ মূৰব্বী শাৰদ পাৱাৰ আৰু সাংসদ সুপ্রিয়া ছুলেক সাক্ষাৎ অখিল গগৈৰ
Image

মুম্বাইত এনচিপিৰ মূৰব্বী শাৰদ পাৱাৰ আৰু সাংসদ সুপ্রিয়া ছুলেক সাক্ষাৎ অখিল গগৈৰ

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হৈছে বিৰোধী দল সমূহ ৷ বিৰোধী ঐক্যৰে অন্যতম অংশীদাৰ ৰাইজৰ দলৰ মূৰব্বী অখিল গগৈয়ে যোৱা সপ্তাহৰ পৰা দেশৰ বিৰোধী ইণ্ডিয়া জোঁটৰ কে’বাগৰাকী নেতাক সাক্ষাৎ কৰিছে

যোৱা সপ্তাহটোতে আম আদমী পাৰ্টিৰ মূৰব্বী অৰবিন্দ কেজৰিয়ালক দিল্লীত সাক্ষাৎ কৰাৰ পিছত বুধবাৰে মুম্বাইত সাক্ষাৎ কৰে এনচিপিৰ মূৰব্বী শাৰদ পাৱাৰ আৰু তেখেতৰ জীয়ৰী সাংসদ সুপ্রিয়া ছুলেক ৷ দুয়ো গৰাকী নেতাৰ সৈতে দেশত বিজেপিয়ে চলাই থকা সাম্প্ৰদায়িক ফেছিবাদৰ প্ৰতিৰোধ সম্পৰ্কে আৰু ভাৰতবৰ্ষৰ কৃষি ব‍্যৱস্থাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃত আলোচনা কৰে ৷

একেদৰে দেশৰ ভূমি সংস্কাৰৰ প্ৰয়োজনীয়তা তথা কৃষি বিপ্লৱৰ বিষয়েও মতামত গ্ৰহণ কৰে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে । আলোচনা কালত দেশৰ বৰ্ষীয়ান ৰাজনীতিক গৰাকীয়ে মহাৰাষ্ট্ৰৰ বাৰামতিত কেনেকৈ বৃষ্টি ছাঁয়া এলেকাক কৃষি প্ৰধান এলেকালৈ ৰূপান্তৰ কৰিলে তাৰ দীঘলীয়া বৃত্তান্ত দাঙি ধৰে ৷ এনচিপিৰ দুয়ো গৰাকী নেতাক সাক্ষাতৰ সময়ত গগৈৰ স’তে সংগ দিয়ে ৰাইজৰ দলৰ জ্যেষ্ঠ নেতা ৰাছেল হুছেইনে I

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top