• Home
  • অসম
  • মুম্বাইত এনচিপিৰ মূৰব্বী শাৰদ পাৱাৰ আৰু সাংসদ সুপ্রিয়া ছুলেক সাক্ষাৎ অখিল গগৈৰ
Image

মুম্বাইত এনচিপিৰ মূৰব্বী শাৰদ পাৱাৰ আৰু সাংসদ সুপ্রিয়া ছুলেক সাক্ষাৎ অখিল গগৈৰ

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হৈছে বিৰোধী দল সমূহ ৷ বিৰোধী ঐক্যৰে অন্যতম অংশীদাৰ ৰাইজৰ দলৰ মূৰব্বী অখিল গগৈয়ে যোৱা সপ্তাহৰ পৰা দেশৰ বিৰোধী ইণ্ডিয়া জোঁটৰ কে’বাগৰাকী নেতাক সাক্ষাৎ কৰিছে

যোৱা সপ্তাহটোতে আম আদমী পাৰ্টিৰ মূৰব্বী অৰবিন্দ কেজৰিয়ালক দিল্লীত সাক্ষাৎ কৰাৰ পিছত বুধবাৰে মুম্বাইত সাক্ষাৎ কৰে এনচিপিৰ মূৰব্বী শাৰদ পাৱাৰ আৰু তেখেতৰ জীয়ৰী সাংসদ সুপ্রিয়া ছুলেক ৷ দুয়ো গৰাকী নেতাৰ সৈতে দেশত বিজেপিয়ে চলাই থকা সাম্প্ৰদায়িক ফেছিবাদৰ প্ৰতিৰোধ সম্পৰ্কে আৰু ভাৰতবৰ্ষৰ কৃষি ব‍্যৱস্থাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃত আলোচনা কৰে ৷

একেদৰে দেশৰ ভূমি সংস্কাৰৰ প্ৰয়োজনীয়তা তথা কৃষি বিপ্লৱৰ বিষয়েও মতামত গ্ৰহণ কৰে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে । আলোচনা কালত দেশৰ বৰ্ষীয়ান ৰাজনীতিক গৰাকীয়ে মহাৰাষ্ট্ৰৰ বাৰামতিত কেনেকৈ বৃষ্টি ছাঁয়া এলেকাক কৃষি প্ৰধান এলেকালৈ ৰূপান্তৰ কৰিলে তাৰ দীঘলীয়া বৃত্তান্ত দাঙি ধৰে ৷ এনচিপিৰ দুয়ো গৰাকী নেতাক সাক্ষাতৰ সময়ত গগৈৰ স’তে সংগ দিয়ে ৰাইজৰ দলৰ জ্যেষ্ঠ নেতা ৰাছেল হুছেইনে I

Releated Posts

মুছলমানৰ সৈতে বিশ্বাসঘাতকতা হুমায়ুন কবীৰৰ

মুছলমানৰ সৈতে বিশ্বাসঘাতকতা হুমায়ুন কবীৰৰ মুছলমানক বুৰ্বক বনাই বিজেপিৰ সৈতে মিত্ৰতা হুমায়ুন কবীৰৰ দেশৰ মুছলমানক জোকাৰি যোৱা খবৰ…

ByByMahesh Malakar Apr 11, 2026

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হব ভোটগ্ৰহণ প্ৰক্ৰিয়া শ্ৰীভূমি জিলাত…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top