আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আজি উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত অশ্বক্লান্ত দেৱালয়ত বিশেষ COUNTDOWN অনুষ্ঠান

অহা ২১ জুনত একাদশ আন্তঃৰাষ্ট্ৰীয় বিশ্ব যোগ দিৱস। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আজি উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত অশ্বক্লান্ত দেৱালয়ত বিশেষ COUNTDOWN অনুষ্ঠান অনুষ্ঠিত।

ৰাইজক যোগৰ প্ৰতি সজাগ কৰাৰ প্ৰয়াসৰে COUNTDOWN অনুষ্ঠানৰ আয়োজন।

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে এই অনুষ্ঠান।

৪ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে এই যোগানুষ্ঠানত।

জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীয়েও অংশ লৈছে অনুষ্ঠানত।

আৰ্ট অৱ লিভিঙৰ যোগ প্ৰশিক্ষকে আগবঢ়াইছে প্ৰশিক্ষণ।