অসমীয়া চিনেমাৰ বাবে ভাল খবৰ।
৫৬সংখ্যক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব্ ইণ্ডিয়াৰ ‘ইণ্ডিয়ান পেনেৰোমা’ শাখাত নিৰ্বাচিত হৈছে শশাংক সমীৰ পৰিচালিত জনপ্ৰিয় চিনেমা ‘ভাইমনদা
পৰিচালক মুনিন বৰুৱাৰ জীৱনভিত্তিক চিনেমা ‘ভাইমনদা’লৈ এই সন্মান।
বৃহস্পতিবাৰে এই খবৰ ই-মেইল আৰু ফোনযোগে লাভ কৰিছে শশাংক সমীৰে
বুধবাৰে আছিল মুনিন বৰুৱাৰ জন্মদিন। তাৰ পাছতেই এই চিনেমাখনে এই সন্মান লাভ কৰাত আৱেগিক হৈ পৰিছে শশাংক সমীৰ।
গোৱাৰ পাঞ্জিমৰ INOX – Audi IIত অহা ২৫ নৱেম্বৰৰ নিশা ৮ বজাত প্ৰদৰ্শিত হ’ব ‘ভাইমনদা’।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিসূচকভাৱে এই সন্মান উছৰ্গা বুলিও অৱগত কৰে শশাংক সমীৰে












