• Home
  • অসম
  • ১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি ‘বাবু’ আঁচনি
Image

১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি ‘বাবু’ আঁচনি

১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি ‘বাবু’ আঁচনি

বঙাইগাঁও জিলাৰ অভয়াপুৰীত আজি অনুষ্ঠিত হোৱা এক বৃহৎ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নাৰী শক্তিক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে৷ প্ৰায় ২৪ হাজাৰ নাৰীক ১০,০০০ টকাৰ চেক প্ৰদান কৰা এই অনুষ্ঠানটি স্থানীয় মহিলাসকলৰ বাবে এক নতুন আশাৰ প্ৰহৰ দিশ মুকলি কৰি দিয়ে৷ অনুষ্ঠানত সাংসদ ফণীভূষণ চৌধুৰী, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত মহিলাসকলক সম্বোধন কৰি কয় যে ৰাজ্যৰ প্ৰতিগৰাকী নাৰী আৰ্থনৈতিকভাৱে স্বাধীন আৰু আত্মনিৰ্ভৰশীল হোৱা সময়৷ ‘লাখপতি বাইদেউ’ গঢ়াৰ উদ্দেশ্যৰে এই আঁচনি আগবঢ়োৱা হৈছে বুলি তেওঁ স্পষ্ট কৰে৷ নাৰীসকলক স্বাৱলম্বী কৰি সমাজক শক্তিশালী কৰাই হৈছে এই আঁচনিৰ মূল উদ্দেশ্য৷ ইফালে মুখ্যমন্ত্ৰীয়ে বঙাইগাঁও ভ্ৰমণৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে৷

তেওঁ কয়– ‘নিযুত মইনা আঁচনি সফলভাৱে আগবাঢ়ি গৈ আছে৷ এতিয়া ল’ৰা-ছোৱালী দুয়ো পক্ষক সমান গুৰত্ব দিয়া উচিত৷ সেয়েহে ৰ জানুৱাৰীৰ পৰা আমি ‘বাবু আঁচনি’ আৰম্ভ কৰিম৷’ এই নতুন আঁচনি আৰম্ভ হোৱাৰ লগে লগে দৰিদ্ৰ পৰিয়ালৰ সন্তানসকলৰ শিক্ষাৰ পথ অধিক সুৰক্ষিত হ’ব বুলি অভিভাৱকসকলক আশা ব্যক্ত কৰে৷

Releated Posts

মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ স্বীকৃতি  অসম ৰাজ্যিক কেবিনেটৰ 

আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা। অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে মিচিং জনগোষ্ঠীৰ আলি-আয়ে-লৃগাং কৃষিভিত্তিক উৎসৱৰ দিনটোক ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি…

ByByMahesh Malakar Mar 11, 2026

পুনৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ

২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পুৰ্বে বহু কেইজন কেন্দ্ৰীয় নেতা – মন্ত্ৰী অসমলৈ অহা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে বিধানসভা নিৰ্বাচনৰ…

ByByMahesh Malakar Mar 11, 2026

ৰাইজৰ দলৰে নহ’ব মিত্ৰতা ঘোষণা গৌৰৱ গগৈৰ

আগন্তুক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত  ৰাইজৰ দলেৰে  মিত্ৰতা নকৰাৰ কথা । ফেচবুক পোষ্টৰ জৰিয়তে ৰাজহুৱা কৰিলে এই কথা প্ৰদেশ…

ByByMahesh Malakar Mar 11, 2026

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি দলক দুৰ্ব্যৱহাৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

ৰাজ্যৰ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এটা প্ৰতিনিধি দলৰ বাবেই শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ…

ByByMahesh Malakar Mar 11, 2026
Scroll to Top