• Home
  • অসম
  • ১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি ‘বাবু’ আঁচনি
Image

১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি ‘বাবু’ আঁচনি

১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি ‘বাবু’ আঁচনি

বঙাইগাঁও জিলাৰ অভয়াপুৰীত আজি অনুষ্ঠিত হোৱা এক বৃহৎ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নাৰী শক্তিক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে৷ প্ৰায় ২৪ হাজাৰ নাৰীক ১০,০০০ টকাৰ চেক প্ৰদান কৰা এই অনুষ্ঠানটি স্থানীয় মহিলাসকলৰ বাবে এক নতুন আশাৰ প্ৰহৰ দিশ মুকলি কৰি দিয়ে৷ অনুষ্ঠানত সাংসদ ফণীভূষণ চৌধুৰী, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত মহিলাসকলক সম্বোধন কৰি কয় যে ৰাজ্যৰ প্ৰতিগৰাকী নাৰী আৰ্থনৈতিকভাৱে স্বাধীন আৰু আত্মনিৰ্ভৰশীল হোৱা সময়৷ ‘লাখপতি বাইদেউ’ গঢ়াৰ উদ্দেশ্যৰে এই আঁচনি আগবঢ়োৱা হৈছে বুলি তেওঁ স্পষ্ট কৰে৷ নাৰীসকলক স্বাৱলম্বী কৰি সমাজক শক্তিশালী কৰাই হৈছে এই আঁচনিৰ মূল উদ্দেশ্য৷ ইফালে মুখ্যমন্ত্ৰীয়ে বঙাইগাঁও ভ্ৰমণৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে৷

তেওঁ কয়– ‘নিযুত মইনা আঁচনি সফলভাৱে আগবাঢ়ি গৈ আছে৷ এতিয়া ল’ৰা-ছোৱালী দুয়ো পক্ষক সমান গুৰত্ব দিয়া উচিত৷ সেয়েহে ৰ জানুৱাৰীৰ পৰা আমি ‘বাবু আঁচনি’ আৰম্ভ কৰিম৷’ এই নতুন আঁচনি আৰম্ভ হোৱাৰ লগে লগে দৰিদ্ৰ পৰিয়ালৰ সন্তানসকলৰ শিক্ষাৰ পথ অধিক সুৰক্ষিত হ’ব বুলি অভিভাৱকসকলক আশা ব্যক্ত কৰে৷

Releated Posts

ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ

কংগ্ৰেছত যোগদানৰ দুদিন পিছতেই আজি ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ ‘জাতিতকৈ দল বা ব্যক্তি ডাঙৰ নহয়’ কংগ্ৰেছ…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহু

আজি ভোগালী বিহু ভোগ-ৰসৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। পুহৰ অন্তত হাঁড় কঁপোৱা…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ সমগ্ৰ ৰাজ্যতে চলিছে ভোগালীৰ বিহুৰ ব্যাপক প্ৰস্তুতি। আজি ভোগালীৰ উৰুকা।…

ByByMahesh Malakar Jan 13, 2026

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল…

ByByMahesh Malakar Jan 13, 2026
Scroll to Top