• Home
  • অসম
  • ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা ৷
Image

ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা ৷

ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা ৷

যোৰহাটৰ অন্যতম ব্যৱসায়ী তথা সমাজ জীৱনলৈ অনবদ্য বৰঙনিৰে যোৰহাটক সমৃদ্ধ কৰা সমাজ হিতৈষী দেৱেন বৰা দেৱৰ সোঁৱৰণত আগবঢ়োৱা সমাজ প্ৰেৰণা বটাঁ অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ড॰ নন্দ সিং বৰকলালৈ আগবঢ়াইছে ‘সমাজ প্ৰেৰণা সাহিত্য বঁটা ৷যোৰহাটৰ অন্যতম আৰোহণ গোষ্ঠীৰ মুখ্য পৃষ্ঠপোষক তথা প্ৰয়াত দেবেন বৰা দেৱৰ পত্নী সু লেখিকা,কবি ,গীতিকাৰ শিক্ষয়িত্ৰী ৰীতাঞ্জলী দত্তই বিশিষ্ট সাহিত্যিক ড° বৰকলালৈ ২০২৬বৰ্ষ দেৱেন বৰা সামাজিক প্ৰেৰণা বটাঁ আগবঢ়োৱা কথা ঘোষণা কৰে ৷
কেইবাখনো অনবদ্য উপন্যাসৰ বুকুত ‘ড॰সিং বৰকলাৰ “কথনশৈলী, শব্দ সংযোজন, ইতিহাসৰ ঐতিহ্যৰ বাটেৰে উপন্যাসক আমাৰ সংস্কৃতি, জাতীয় প্ৰেম, মাটিৰ মৰ্যাদাৰে অসমীয়া জাতীয় প্ৰেমৰ বাটক জীৱন্ত কৰি তুলিছে৷ হাদিৰাচকী,নলঘুলি,সাগৰৰঅনুবাদ. আৰু পালেংতলি উপন্যাসৰ বুকুত তেওঁৰ কাহিনী সংযোজন,শব্দ ,বাক্যৰ পৰিমেয় সোৱাদ ঢালি এক নতুন লেখনশৈলীৰে আমাৰ সাহিত্যক চহকী কৰিছে ৷ ইতিহাস আৰু সাংস্কৃতিক জীৱন গাঁথাৰে তেওঁ তেওঁৰ উপন্যাস সমূহক সাবতি অসমীয়াৰ সাহিত্যৰ সম্পদক জাতীয় প্ৰমেৰে সুখপাঠ কৰি তুলিছে ৷

শব্দৰত্ন সন্মানেৰে সমাদৃত ড॰ বৰকলাই ইতিমধ্যে ৰাষ্ট্ৰীয় .ৰাজ্যিক অনেক বঁটাৰে অসমীয়া সাহিত্যক আৰু অসমক ধন্য কৰি চহকী কৰিছে ৷ সমাজ সাহিত্য প্ৰৰণা সাহিত্য বঁটা চলিত বছৰৰএক মেত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন ,যোৰহাটত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব ৷

ইয়াত এতিয়াও মানুহ আছে,বাল্মীকি আাহিছে ৰাতিৰ বাটেৰে,জলদহি চাদৰৰ আচল,বৰকলা তোক বিচাৰি ফুৰিছোঁ আাদি ওঠৰখন কাব্য সংকলনৰ কবি ড° নন্দ সিং বৰকলাই

ড॰ নগেন শইকীয়া ন্যাসৰ পৰা সৌভ্ৰাৰ্ত সাৰস্বত সন্মান, সৰ্বভাৰতীয় সুব্ৰমণিয়াম সাহিত্য সন্মান, উত্তৰ প্ৰদেশ কৰ্মচাৰী পৰিষদৰ সৰস্বতী বঁটা, ড॰ ময়িদুল ইচলাম সাহিত্য বঁটা, কপিলী উপত্যকা সাহিত্য বঁটা, ভূপেন হাজৰিকা সাহিত্য বঁটা, অভিনেতা গুণ মহন্ত শিল্পী বঁটা, অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায় চৌধুৰী বঁটা,অসম কবি সন্মিলনৰ দ্বাৰা কবিপ্ৰাণ উপাধি,ভগত সিং ফাউণ্ডেচনৰ ভগত সিং সদভাৱনা বঁটাকে ধৰি ভাৰতীয় সাহিত্য অকাডেমীৰ ৰাষ্ট্ৰীয় লেখক শিবিৰ কাশ্মীৰ, ঔৰাংগাবাদলৈ কবি হিচাবে নিৰ্বাচিত হৈছিল ৷

সু বক্তা ড॰ সিং বৰকলাই যোবা ত্ৰিছবছৰে নিৰলসভাবে সাহিত্য সাধনা কৰি আহিছে ৷

তিনিখন গল্প সংকলন, এখন কাব্য উপন্যাস, এখন কথা কবিতাৰ উপৰিও ড॰ বৰকলাই নিয়মিত ভাবে অসমৰ সম্ভ্ৰান্ত কাকত.. আলোচনীত মননশীল লেখাৰে অসমীয়া সাহিত্যৰ মান উজলাই তোলাৰ লগতে অসমীয়া শিখ সকলৰ অন্যতম লিখক ৰূপে অসমীয়া সাহিত্যৰ মান বৃদ্ধি কৰিছে৷
ইয়াৰোপৰি বহুকেইখন উল্লেখযোগ্য গ্ৰন্থ সম্পাদনা কৰি তেওঁ জাতীয় সাহিত্যৰ ভৰাল টনকীয়াল কৰাৰ দৃস্তান্ত অতি মননশীল৷ অসমৰ সাহিত্য সভাৰ দক্ষিণপাট অধিৱেশনৰ স্মৃতিগ্ৰন্থ কলং-হাৰিয়া, আমাৰ সাহিত্যৰথী, ড॰ ভূপেন হাজৰিকা, জ্ঞানানন্দ শৰ্মাপাঠকৰ নিৰ্বাচিত ৰচনা সম্ভাৰ, ৰামধেনু যুগৰ গল্পকাৰ, ৰুদ্ৰপ্ৰসাদ কাকতিৰ ৰচনা সম্ভাৰ, চন্দ্ৰমোহন কাকতিৰ নিৰ্বাচিত ৰচনা সম্ভাৰ, অসমীয়া শিখ বেদনাৰ দস্তাবেজ, হাদিৰাচকীৰ পৰা বৰকলালৈ আদি মননশীল আৰু গৱেষণালব্ধ গ্ৰন্থ সম্পাদনা মন কৰিবলগীয়া৷ অসম সাহিত্য সভাৰ৭২ সংখ্যক অধিবেশনত তেওঁ কবি সন্মিলনৰ সঞ্চালক,সভাপতিৰ আসন অলংকিত কৰিছিল ৷
যোৰহাটৰ সম্ভ্ৰান্ত এই বটাঁ ড॰ নন্দ সিং বৰকলালৈ আগবঢ়োৱা এনে সন্মানে অসমীয়া শিখসকলক ধন্য কৰি তুলিছে৷ অসমীয়া শিখসকলৰ জাতীয় জীৱনত ৰাজহুৱা স্বীকৃতি প্ৰায় নায়েই৷

অসমক এই শিখসকলে নিজৰ ত্যাগ আৰু গৰিমাৰে স্বাভিমানী কৰা বাট বৰ নান্দনিক আৰু দৃষ্টিনন্দন৷
কেইবাখনো সম্ভ্ৰান্ত দৈনিক বাতৰি কাকতৰ মননশীল স্তম্ভ লেখক ড° বৰকলা সমন্বয়ৰ অন্যতম শক্তিৰে অসমৰ ইমূৰ- সিমূৰত নিজৰ বাকশৈলীৰি নৃ-গোষ্ঠীয় একতা আৰু সমন্বয় গঢ়াত অনন্য ভূমিকা পালন কৰি আছে ৷আমাৰ ভাষাৰ মৌলিক সত্বাক বিকশাই ভাষাৰ শ্ৰীবৃদ্ধিৰ বাবে তেওঁৰ বাককলা আৰু

Releated Posts

জুবিন গাৰ্গ গোচৰৰ নতুন মোৰ

জুবিন গাৰ্গ গোচৰৰ নতুন মোৰ ভিডিঅ’ ফুটেজক লৈ আদালতত আৰম্ভ নতুন বিতৰ্ক জুবিন গাৰ্গ হত্যাকাণ্ডৰ বিচাৰৰ ভিডিঅ’ ফুটেজৰ…

ByByMahesh Malakar Jun 16, 2026

অসমতে সুৰক্ষিত নহয় খিলঞ্জীয়া অসমীয়া

অসমতে সুৰক্ষিত নহয় খিলঞ্জীয়া অসমীয়া স্বামীৰ সন্মুখতে অৰ্ধ উলংগ কৰা হ’ল এগৰাকী মহিলাক এফালৰ পৰা খুলি দিয়া হ’ল…

ByByMahesh Malakar Jun 16, 2026

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি ২৭ জুনত দ্বিবিভক্ত হ’ব বিজেপি নতুন বিজেপি বনাম পুৰনি বিজেপি গঠন হব নেকি…

ByByMahesh Malakar Jun 15, 2026

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ আজান বন্ধ কৰিব বিচৰা সকলৰ জধা মূৰ্খ আখ্যা এইবাৰ অসমীয়া নহয় মুছ…

ByByMahesh Malakar Jun 15, 2026
Scroll to Top