ইৰাণত ৪০ দিনৰ শোক ঘোষণা, যুদ্ধত শিক্ষাৰ্থীসহ ২০০ৰো অধিক মৃত্য়ু ।জৰাইল আৰু আমেৰিকাই চলোৱা এক বৃহৎ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যু হয় ।তিমধ্য়ে ইৰাণে মধ্য়প্ৰাচ্য়ত থকা একাধিক আমেৰিকাৰ সামৰিক ঘাটিৰ ওপৰত আক্ৰমণ অব্য়াহত ৰাখিছে ৷
আনহাতে, শনিবাৰে শেষ নিশা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে খামেইনেইৰ মৃত্য়ুৰ কথা ঘোষণা কৰিছিল ৷ তেওঁ কয় যে এই আক্ৰমণে ইৰাণীসকলক নিজৰ দেশক “উভতাই লোৱা”ৰ “সৰ্বাধিক সুযোগ” প্ৰদান কৰিছে যদিও ইয়াৰ ফলত ইছলামিক ৰিপাব্লিকৰ ভৱিষ্যতৰ ওপৰতো সন্দেহৰ সৃষ্টি হৈছে আৰু অঞ্চলটোত অস্থিৰতাৰ আশংকাও বৃদ্ধি পাইছে ৷ছ’চিয়েল মিডিয়াত ট্ৰাম্পে কয়, “ইতিহাসৰ অন্যতম দুষ্ট মানুহ খামেনেইৰ মৃত্যু হৈছে ৷ তেওঁ দেশখনৰ পাৰমাণৱিক ক্ষমতা নিৰ্মূলৰ বাবে আমেৰিকাই প্ৰয়োজনীয় বুলি অভিহিত কৰা মাৰাত্মক আক্ৰমণৰ অংশ হিচাপে “গধুৰ আৰু নিখুঁত বোমা বিস্ফোৰণ”ৰ বিষয়ে সকীয়াই দিয়ে ৷”য়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ পিছত ইৰাণে ৪০ দিন ৰাজহুৱা শোক পালন কৰিছে । মৃত্যুৰ পিছৰ ৪০ তম দিনা (আৰবাইন) ছিয়া ইছলামত অতি আধ্যাত্মিক তাৎপৰ্য বহন কৰে।
















