বাজপেয়ী ভৱনত মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেল সম্বোধন কৰে। বিৰোধী দলক চোকা সমালোচনা কৰি সংবাদমেলত বিজেপি চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে।‘‘১ লাখ ৬৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে চাকৰি পালে যোৱা ৫ বছৰত। এয়া আমাৰ বাবে ডাঙৰ প্ৰাপ্তিI আমি প্ৰতিশ্ৰুতি দিছিলো ১ লাখ চাকৰি দিয়াৰহে। কংগ্ৰেছৰ দিনৰ চাকৰিৰ বজাৰ আমি বন্ধ কৰি দিবলৈ সক্ষম হ’লো। পিতৃ-মাতৃয়ে ACS/APS কি বুজি নোপোৱা ঘৰৰ ল’ৰা-ছোৱালীয়ে আজিকালি APSCৰ চাকৰি পায়। যোৱা ৫ বছৰত অসম চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰীৰ ঘৰৰ ল’ৰা-ছোৱালীয়ে APSCত চাকৰি পোৱা নাইI এইবাৰ চৰকাৰ আহিলে আমি ২ লাখ চাকৰি দিমI সুবিধা হ’লে ২.৫০ লাখ পাৰ হৈ যাব।’’লগতে মন্ত্ৰীগৰাকীয়ে কয়, ‘‘চৰকাৰী চাকৰি দি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰি। উদ্যোগীকৰণৰ দ্বাৰা নিৱনুৱা সমস্যা সমাধান কৰিব লাগিব। ১ লাখ নিবনুৱাক CMAAAৰ যোগেদি ২ লাখকৈ টকা দিছিলোঁ। ১০ লাখ নিৱনুৱাক CMAAAৰ যোগেদি ৫ লাখকৈ টকা দিম। নিবনুৱাক সহায় কৰাটোৱে হ’ব আগন্তুক বিজেপি চৰকাৰৰ মূল মন্ত্ৰ। ছেমি কণ্ডাক্টৰত ২৯ হাজাৰ যুৱক-যুৱতীয়ে চাকৰি পাব। ইতিমধ্যে ৪ হাজাৰে নিৰ্মাণ ব্যৱস্থাত কাম কৰি আছে।’জেন গোহাঁই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ৰাজেন গোঁহায়ে ভগৱানৰ নাম লোৱা উচিত। এই বয়সত আৰু নিৰ্বাচন খেলিব নালাগে। ডেকা ল’ৰাবোৰক নিৰ্বাচন খেলিবলৈ আশীৰ্বাদ দিব লাগে।’

কংগ্ৰেছৰ গেৰাণ্টিবোৰ কপি-পেষ্ট, কোনো নতুনত্ব নাই, নৈতিকতা নাই কংগ্ৰেছ দলৰ : পীযুষ হাজৰিকা
Tags:
Releated Posts
আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী
আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী জৰুৰীকালীন সময়তো ৰোগীয়ে নাপাব ঔষধ সমগ্ৰ দেশৰ লগতে অসমতো আজি বন্ধ থাকিব…
এতিয়াৰে পৰা আপুনিও লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ সেৱা
এতিয়াৰে পৰা আপুনিও লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ সেৱা বিদ্যুৎৰ বাবে এতিয়াৰে পৰা আপুনি খাব নালাগে হাবাথুৰি প্ৰতিমাহে…
ন-ৰূপত উজলি উঠিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ
ন-ৰূপত উজলি উঠিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ পোন প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰত উপস্থিত হৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী…
জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচন জয়ী হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী উপস্থিত জুবিন ক্ষেত্ৰত জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ…











