ধুবুৰীত ভয়ংকৰ মাৰপিটৰ ঘটনা…

L&Tৰ নতুনকৈ নির্মীয়মান দলংৰ কাষত ভয়ংকৰ মাৰপিট। দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিট। মাৰপিটত এজন লোক নিহত, কেইবাজনো আহত । নিহত লোকজনৰ নাম সজাব আলী । ঘটনাস্থলীত উপস্থিত ধুবুৰী আৰক্ষী , আৰক্ষীয়েও নিয়ন্ত্ৰণ কৰিব পৰা নাই মাৰপিট ।উপায়ন্তৰ হৈ ঘটনাস্থলীৰ পৰা আঁতৰিল আৰক্ষী। লাঠী, জোঙ, তৰোৱাল, ডেগাৰ লৈ প্ৰচণ্ড মাৰপিট। আহতক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।

গোৱালপাৰাত অব্যাহত আছে আফিং খেতিৰ বিৰুদ্ধে অভিযান।

গোৱালপাৰাত অব্যাহত আছে আফিং খেতিৰ বিৰুদ্ধে অভিযান। চুনাৰী থানাৰ অন্তৰ্গত চৰঞ্চলত একাংশ দুষ্ট লোকৰ পৃষ্ঠপোষকতাত শ শ বিঘা ভূমিত গঢ়ি উঠিছে আফিং খেতি। দুৰ্গম অঞ্চলত গঢ়ি উঠা এই আফিং খেতিত অভিযান চলায় ধ্বংস কৰে আৰক্ষীয়ে।

আগমনিৰ অন্তৰ্গত ঝসকালত ভয়ংকৰ ভূমি কেন্দ্ৰিক সংঘৰ্ষ।

আগমনিৰ ঝসকালত ভুমিক লৈ দুই পৰিয়ালৰ মাজত মাৰপিট। চাৰিগৰাকী মহিলাসহ নজনকৈ আহত। আহত সকলোক আগমনি সমুহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি। ইয়াৰ ভিতৰত মৰিয়ম বিবি আৰু মতিয়ৰ আলী এই দুজনৰ অবস্থা সংকট জনক দেখি ধুবুৰীলৈ প্ৰেৰন। ঝসকালৰ দুই ভাতৃ বাবুল আলী আৰু নফছাৰ আলী নামৰ দুই ভাতৃৰ মাজত পৈতৃক ভুমিক লৈ কাজিয়া চলি আছিল। আজিয়ো ভুমিক লৈ … Read more

ৰঙিয়া ৰে’ল ষ্টেচনত ড্ৰাগছসহ এজনক আটক৷

বিহাৰৰ বৈশালী জিলাৰ তুলসী চাহানীক আটক৷ ৰে’ল আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক৷ নামনিমুৱা লোকমান্য তিলক ৰে’লৰ পৰা আটক সৰবৰাহকাৰীটোক, নামনি মুৱা লোকমান্য তিলক ৰেলৰ নিয়মিয়া তালাচীত উদ্ধাৰ সন্দেহজনক ড্ৰাগছ । বদৰপুৰৰ পৰাই লোকমান্য তিলক ৰে’ল যোগে বিহাৰলৈ বুলি আহিছিল লোকজনে। আটকাধীন লোকজনৰ পৰাই দহটা চাবোনৰ বাকচত ১১২গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ জব্দ কৰে ৰে’ল আৰক্ষীয়ে। জব্দ কৰা … Read more

সোণাপুৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ

সোণাপুৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ অসম মেঘালয় সীমান্তৰ ১৪ মাইলৰ পৰা জব্দ ড্ৰাগছ খিনি ঘটনা সন্দৰ্ভত বিকি লিংডো আৰু ৰিকি খাৰষ্টেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনক সোণাপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ১২ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে নগদ ধনসহ এখন বাইক এটা মোবাইল ফনো জব্দ … Read more

মঙলদৈত আচামী আগে আগে আৰক্ষী পিছে পিছে।

মঙলদৈত আচামী আগে আগে আৰক্ষী পিছে পিছে। আৰক্ষীৰ বেহু ফালি পলায়ন কৰিলে আচামীয়ে। CCTV কেমেৰাত বন্দী আচামীয়ে পলায়ন কৰাৰ দৃশ্য। আদালতত হাজিৰ কৰোৱাবলৈ আনোতেই পলাল আচামী ৰছিদুল ইছলাম। POCSO আইনৰ অধীনত জে’লত আছিল আচামীটো। পিন্ধি থকা কাপোৰ খুলি পলায়ন কৰে ৰছিদুল ইছলামে।

পুৱতি নিশা যোৰাবাটত বশিষ্ঠ আৰক্ষীৰ এনকাউণ্টাৰ…

দিব্যজ্যোতি শইকীয়া নামৰ বাইক চোৰলৈ আৰক্ষীৰ গুলী,আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীত আহত দিব্যজ্যোতি। নিশাই আৰক্ষীয়ে কৰায়ত্ত কৰিছিল ৩ গাড়ী চোৰক, বর্তমান GMCHত ভর্তি অভিযুক্ত দিব্যজ্যোতি।

পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত আৰম্ভ।

পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত আৰম্ভ। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আৰম্ভ কৰিছে তদন্ত। ২০১০-১১ বৰ্ষত সম্পন্ন হোৱা নিযুক্তিৰ তদন্তৰ ফাইল খুলিছে। ১০ গৰাকী নিযুক্তিপ্ৰাপ্তক তলব কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।

দুধৰ্ষ চোৰ, আৰক্ষীৰ মষ্ট ৱান্টেড মন্দিপ কোঁৱৰ ওৰফে ৰহান বশিষ্ঠ আৰক্ষীৰ জালত…

কইনাধাৰাৰ পৰা চুৰি হোৱা বাহনসহ ২৪ ঘণ্টাৰ ভিতৰতে গুৱহাটীৰ সোণাপুৰৰ পৰা গ্ৰেপ্তাৰ ধৃত মন্দিপ কোঁৱৰক বশিষ্ঠ থানাৰ অ.চি কপিল পাঠকৰ নেতৃত্বত চলিছিল অভিযান গুৱাহাটীৰ ভিন্ন স্থানৰ পৰা গাড়ী চুৰি কৰি অহাৰ অভিযোগ মন্দিপ কোঁৱৰৰ বিৰূদ্ধে

পুনৰ STFৰ জালত জেহাদী…

পুনৰ STFৰ জালত জেহাদী কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ নাছিম উদ্দিনক এছ কেক এবিটি আৰু জামাত-উল-মুজাহিদীনৰ সদস্য নাছিম উদ্দিন পূর্বে গ্ৰেপ্তাৰ হোৱা নুৰ ইছলাম মণ্ডলৰ ঘনিষ্ঠ নাছিম উদ্দিন উগ্রপন্থী কার্যকলাপত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ নাছিমক গুৱাহাটীলৈ অনা হৈছে ধৃত নাছিম উদ্দিনক কোকৰাঝাৰ মোক্ৰাপাৰাত গ্ৰেপ্তাৰ হৈছিল নাচিম উদ্দিন