জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?
আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ গোচৰৰ শুনানি সম্পন্ন হয়। ভিডিঅ’ কনফাৰেন্সযোগে জুবিন গাৰ্গৰ ২য় দিনৰ শুনানি গ্ৰহণ কৰা হয়।
২৫৬/২০২৫ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰা হয় সত্ৰ ন্যায়াধীশ আদালতত। ভাৰ্চুৱেলী আদালতত হাজিৰ হয় সিদ্ধাৰ্থ, শ্যামকানু, শেখৰ, অমৃতপ্ৰভাসহ আটাইজন অভিযুক্ত।
৩ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ তাৰিখ ধাৰ্য কৰিছে আদালতে। ইফালে অভিযুক্ত পক্ষৰ পৰা জামিন আবেদন কৰা নাই কোনো অধিবক্তাই। সকলো পক্ষকে গোচৰটোত জড়িত নথিপত্ৰ প্ৰদানৰ নিৰ্দেশ আদালতৰ। ৩ জানুৱাৰীত সকলো অভিযোগৰ ওপৰত শুনানি হ’ব আদালতত।













