কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান নিশ্চিত কৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন বৰা অৱশেষত উপস্থিত হ’ল বাজপেয়ী ভৱনত । আজি গুৱাহাটীৰ বাজপেয়ী ভৱনত কংগ্ৰেছ ত্যাগী ভূপেন বৰাক আদৰিবলৈ ব্যাপক আয়োজন কৰা হৈছে । সোমবাৰে পুৱা কংগ্ৰেছ ত্যাগ কৰা ভূপেন বৰাৰ গুৱাহাটীৰ ঘোঁৰামৰাৰ ঘৰত মঙলবাৰে নিশা উপস্থিত হৈছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । সেই সাক্ষাতৰ পিছতেই ভূপেন বৰাক কাষত বহুৱাই মুখ্যমন্ত্রীয়ে সংবাদমেল সম্বোধন কৰি কৈছিল যে ২২ ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰিব । সেই অনুসৰি ২২ ফেব্ৰুৱাৰী, দেওবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত যোগদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে । বাজপেয়ী ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা আৰু প্ৰাক্তন সাধাৰণ সম্পাদক ড৹ সঞ্জু বৰা প্ৰমুখ্যে বিভিন্ন দল-সংগঠনৰ কেইবাজনো নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছে । নতুনকৈ যোগদান কৰা সকলক আদৰিবলৈ দলৰ জ্যেষ্ঠ নেতাসকল বাজপেয়ী ভৱনত উপস্থিত হয় ।

বাজপেয়ী ভৱনত গেৰুৱা বসন পৰিধান ভুপেন বৰাৰ
Releated Posts
ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা ৷
ড॰ নন্দ সিং বৰকলালৈ সমাজ প্ৰেৰণা সাহিত্য বঁটা ৷ যোৰহাটৰ অন্যতম ব্যৱসায়ী তথা সমাজ জীৱনলৈ অনবদ্য বৰঙনিৰে যোৰহাটক…
পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি
পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি ৰাজ্যত পুৱা ৬.০১ বজাত বিভিন্ন প্ৰান্তত জোকাৰণি। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.২। মণিপুৰৰ কামজেং…
প্ৰাক্তন মুখ্য ন্যায়াধীশ ইকবাল আহমেদ আনছাৰীয়ে ইউএছটিএমৰ আইন শিক্ষা আৰু সামাজিক মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰেৰী-ভৈ, মেঘালয়
প্ৰাক্তন মুখ্য ন্যায়াধীশ ইকবাল আহমেদ আনছাৰীয়ে ইউএছটিএমৰ আইন শিক্ষা আৰু সামাজিক মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰেৰী-ভৈ, মেঘালয় |…
মহানগৰীৰ মালিগাঁৱত নলাত উটি যোৱা পায়েল নাথ আৰু নাই
মহানগৰীৰ মালিগাঁৱত নলাত উটি যোৱা পায়েল নাথ আৰু নাই নিশাৰ এজাক বৰষুণৰ মাজতে নলাত উটি গৈছিল পায়েল নাথ…












