Image

নগাঁৱৰ বিন্দাচ ধাবাত যৌনতাৰ বিন্দাচ বেহা !

নগাঁৱৰ বৰঘাট বাইপাছৰ একাংশ ধাবাত যৌন ব্যৱসায় চলি অহা বুলি দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে ধাবাত যৌনতাৰ বেহা চলাৰ তথ্য । ধাবা খুলি একাংশ লোকে ধাবাৰ নামত কেৱল দেহ ব্যৱসায় চলাই থকাৰ অভিযোগ প্ৰায়েই উত্থাপন হোৱাৰ সময়তে শনিবাৰে নগাঁও আৰক্ষীৰ এটা দলে হঠাৎ অভিযান চলাই নগাঁৱৰ বৰঘাট বাইপাছৰ বিন্দাচ নামৰ ধাবাখনত ।

এক গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত পোহৰলৈ আহে ধাবাত যৌন ব্যৱসায় চলাৰ তথ্য । শনিবাৰে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হঠাৎ অভিযান চলাই ধাবাখনৰ ভিতৰত

ধাবাৰ ভিতৰত প্ৰৱেশ কৰিয়েই কেবাহাল যুৱক-যুৱতীক অসংযত অৱস্থাত আটক কৰে বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসে ।

বাইপাছৰ বিন্দাচ ধাবাত চলোৱা অভিযানৰ সময়ত তিনিগৰাকী যুৱতীৰ লগতে চাৰিজন যুৱকক আটক কৰে নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীৰ দলটোৱে । অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে বহু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে । মাদক দ্ৰব্যৰ বটলৰ লগতে গৰ্ভনিৰোধক ঔষধো উদ্ধাৰ হয় বিন্দাচ ধাবাখনৰ পৰা ।

নগাঁৱৰ বিন্দাচ ধাবাত আৰক্ষীৰ দলে চলোৱা অভিযান সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসে কয়, “এই ধাবাখনৰ লগতে ওচৰে পাজৰে থকা ধাবাসমূহতো দেহ ব্যৱসায় চলি আছে বুলি আমি বহুদিনৰ পৰাই শুনি আছিলো । সেইটোৰ ভিত্তিতে আমি এটা অভিযান চলালো । ছোৱালী তিনিজনীৰ লগতে ল’ৰা কেবাজনকো অসংযত অৱস্থাত পাইছো ৷ লগতে গাড়ী এখনো জব্দ কৰিছো

Releated Posts

মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ স্বীকৃতি  অসম ৰাজ্যিক কেবিনেটৰ 

আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা। অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে মিচিং জনগোষ্ঠীৰ আলি-আয়ে-লৃগাং কৃষিভিত্তিক উৎসৱৰ দিনটোক ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি…

ByByMahesh Malakar Mar 11, 2026

পুনৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ

২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পুৰ্বে বহু কেইজন কেন্দ্ৰীয় নেতা – মন্ত্ৰী অসমলৈ অহা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে বিধানসভা নিৰ্বাচনৰ…

ByByMahesh Malakar Mar 11, 2026

ৰাইজৰ দলৰে নহ’ব মিত্ৰতা ঘোষণা গৌৰৱ গগৈৰ

আগন্তুক ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত  ৰাইজৰ দলেৰে  মিত্ৰতা নকৰাৰ কথা । ফেচবুক পোষ্টৰ জৰিয়তে ৰাজহুৱা কৰিলে এই কথা প্ৰদেশ…

ByByMahesh Malakar Mar 11, 2026

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি দলক দুৰ্ব্যৱহাৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

ৰাজ্যৰ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এটা প্ৰতিনিধি দলৰ বাবেই শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ…

ByByMahesh Malakar Mar 11, 2026
Scroll to Top