• Home
  • দেশ
  • দিল্লী বিস্ফোৰণত জঢ়িত আন এখন গাড়ী !
Image

দিল্লী বিস্ফোৰণত জঢ়িত আন এখন গাড়ী !

দিল্লীত বিস্ফোৰণ সংঘটিত কৰাত আন এখন গাড়ী ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল আক্ৰমণকাৰীয়ে! তদন্তকাৰীয়ে জনোৱা মতে, DL10CK0458 নম্বৰৰ ৰঙা ৰঙৰ এখন ফৰ্ড ইকোস্প’ৰ্ট সন্ধান পোৱা গৈছে। এই গাড়ীখন দিল্লী বিস্ফোৰণৰ মূল মাষ্টাৰমাইণ্ড ওমৰ নবীৰ নামত পঞ্জীয়ন আছে।

কিন্তু বিস্ফোৰণৰ পিছৰে পৰা এই গাড়ীখনো উধাও হৈছে। বৰ্তমান এই ৰঙা গাড়ীখন বিচাৰি ব্যাপক অনুসন্ধান আৰম্ভ হৈছে।দিল্লী বিস্ফোৰণৰ ঘাটক গাড়ীখনক লৈ ইতিমধ্যে ৰহস্যৰ সৃষ্টি হৈছে।

সোমবাৰে ললকিল্লাৰ সন্মুখত এখন বগা ৰঙৰ হুণ্ডাই আই20 গাড়ীত বিস্ফোৰণ ঘটে। এই গাড়ীখনৰ মালিক ওমৰ।তেওঁক বৰ্তমান আত্মঘাতী আক্ৰমণকাৰী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। তাৰ পাছত তদন্তৰ সময়ত এই ৰঙা ৰঙৰ ফৰ্ড গাড়ীখনৰ অস্তিত্ব পোহৰলৈ আহে।

প্ৰাপ্ত তথ্য অনুসৰি, ২০১৭ চনত দিল্লীৰ ৰাজৌৰী গাৰ্ডেনত ওমৰৰ নামত গাড়ীখন পঞ্জীয়ন কৰা হৈছিল। ওমৰ এই গাড়ীৰ দ্বিতীয় মালিক। ভুৱা ঠিকনা ব্যৱহাৰ কৰি তেওঁ গাড়ীখন ক্ৰয় কৰিছিল।

তদন্তকাৰীৰ মতে ওমৰে এই আক্ৰমণত ফৰ্ডখনক দ্বিতীয়খন বাহন হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল। সোমবাৰে সংঘটিত হোৱা বিস্ফোৰণৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে ৰঙা ৰঙৰ গাড়ীখন। গাড়ীখনৰ সন্ধান উলিয়াবলৈ অব্যাহত আছে তালাচী।

দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশত আৰক্ষীয়ে সীমান্তত চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে। সমগ্ৰ দেশতে জাৰী কৰা হৈছে হাই এলাৰ্ট । ৰঙা ৰঙৰ ফৰ্ড ইকোস্প’ৰ্ট দেখিলেই খবৰ দিবলৈ কোৱা হৈছে।ইতিমধ্যেই মুকৰি কৰা হৈছে বাহনখনৰ পঞ্জীয়ন নম্বৰ।

Releated Posts

নাতি কেতন আগৰৱাল মৃ*ত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে কেতনৰ ককাদেউতাকে

নাতি কেতন আগৰৱাল মৃ*ত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে কেতনৰ ককাদেউতাকে দেৱীচান্দ আগৰৱালেও ইহলীলা সম্বৰণ কৰে নাতিয়েকক…

ByByMahesh Malakar Jul 5, 2026

আমিৰ খানৰ বাসগৃহত বিয়াৰ ৰমক জমক

তৃতীয় বাৰলৈ হিন্দু মহিলাৰ সৈতে নিকাহত বহিল আমিৰ খান ৬১ বছৰ বয়সত বান্ধৱী গৌৰী স্প্রাটৰ সৈতে নিকাহত বহিল…

ByByMahesh Malakar Jul 5, 2026

ৰাম মন্দিৰৰ পিছত এইবা কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ দনপাত্ৰতো চোৰৰ চকু

ৰাম মন্দিৰৰ পিছত এইবা কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ দনপাত্ৰতো চোৰৰ চকু ৰাম মন্দিৰৰ চুৰি কাণ্ডই সমগ্ৰ দেশ জোকাৰি…

ByByMahesh Malakar Jul 4, 2026

ভগৱান কৃষ্ণ, ৰাম আৰু সীতাই খাইছিল মাংস আৰু সুৰা

ভগৱান কৃষ্ণ, ৰাম আৰু সীতাই খাইছিল মাংস আৰু সুৰা পুনৰ সনাতনী ধৰ্মক অপমান ধ্ৰুৱ ৰাথিৰ ধ্ৰুৱ ৰাথিৰ আপত্তিজনক…

ByByMahesh Malakar Jul 4, 2026
Scroll to Top