• Home
  • অসম
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি দলক দুৰ্ব্যৱহাৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ
Image

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি দলক দুৰ্ব্যৱহাৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

ৰাজ্যৰ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এটা প্ৰতিনিধি দলৰ বাবেই শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি হব হ’বলগাত পৰিছে ।বিশ্ববিদ্যালয়খনৰ বিভিন্ন সমস্যাৰ সমাধানৰ সন্দৰ্ভত আলোচনা কৰিবলৈ অহা ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলক অসন্মান আৰু অপমান কৰাৰ অভিযোগ উঠিছে শিক্ষা মন্ত্ৰী ডা০ পেগুৰ বিৰুদ্ধে। শিক্ষামন্ত্ৰীগৰাকীৰ ধেমাজিস্থিত বাসগৃহলৈ আমন্ত্ৰণ মৰ্মে গৈছিল বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলা ২০২৫-২৬ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সভাপতি, সাধাৰণ সম্পাদক, আলোচনী সম্পাদক, ফুটবল সম্পাদককে ধৰি আন আন বিষয়ববীয়াসকল। তেওঁলোকে বিশ্ববিদ্যালয়খনৰ নামভৰ্তি মাচুল ৫০ শতাংশ ৰেহাইকে ধৰি আন কেতবোৰ সমস্যা সমাধানৰ বাবে মন্ত্ৰীগৰাকীক সাক্ষাত কৰিবলৈ।সমস্যা সমাধানৰ আশাৰে যোৱা দলটোক মন্ত্ৰীগৰাকীয়ে দুৰ্বব্যৱহাৰ কৰাৰ এক অভিযোগ উঠিছে।অভিযোগ অনুসৰি, শিক্ষামন্ত্ৰীগৰাকীয়ে দলটোক কয় যে, টেট শিক্ষকতকৈ তেওঁলোকৰ মগজু কম। ৬ বছৰীয়া অসম আন্দোলন কৰি কি ফালিলি বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে। তাৰোপৰি আন্দোলন কৰিলে একোৱেই নিদিও বুলি মন্তব্য কৰে। তেওঁ এইবুলিও কয়- বন্দুক লৈ একো কৰিব নোৱাৰিলে, তঁহতে কি কৰিবি বুলি প্ৰতিনিধি দলটোক অপমান কৰে। এনে আচৰণৰ বিৰুদ্ধে ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে। আনহাতে শিক্ষামন্ত্ৰীগৰাকীৰ সমগ্ৰ বিষয়টোৰ উচিত তদন্তৰ বাবে ছাত্ৰ একতা সভাই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ বাবে অনুৰোধ জনাইছে।

Releated Posts

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হব ভোটগ্ৰহণ প্ৰক্ৰিয়া শ্ৰীভূমি জিলাত…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top