নিশা আমিনগাঁৱৰ উপৰবড়ীত ভয়ংকৰ অগ্নিকাণ্ড

নিশা আমিনগাঁৱৰ উপৰবড়ীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দেৱকান্ত মহন্ত আৰু বৰদা মহন্ত নামৰ দুজন লোকৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডত মহন্ত পৰিয়ালৰ কেইবাটাও ভাৰাঘৰ সম্পূৰ্ণ ৰূপে জুইত জাহ যায়।

কেইবাখনো স্কুটাৰ, বিলাসী মটৰচাইকেল, ৰিক্সা, আইচক্ৰীম সৰবৰাহ কৰা গাড়ীকে ধৰি বহু লাখ টকাৰ সামগ্ৰী ভস্মীভূত এই অগ্নিকাণ্ডত।

কথমপিহে প্ৰাণ ৰক্ষা পৰে ভাড়াতীয়া আৰু মহন্ত পৰিয়ালৰ।

অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহনৰ দ্বাৰা পুৱতি নিশা নিৰ্বাপিত হয় জুই।