• Home
  • অপৰাধনামা
  • মহানগৰীত পূৰ্বোদয় ভৱনত এগৰাকী পৰ্টেল সাংবাদিকৰ চ*ৰ*ম সিদ্ধান্ত
Image

মহানগৰীত পূৰ্বোদয় ভৱনত এগৰাকী পৰ্টেল সাংবাদিকৰ চ*ৰ*ম সিদ্ধান্ত

গুৱাহাটীত ঘটিছে এক চাঞ্চল্যকৰ ঘটনা। খ্ৰীষ্টানবস্তিত এগৰাকী যুৱতী সাংবাদিকে কৰিলে আত্মহত্যা। এটা পৰ্টেলত কৰ্মৰত আছিল যুৱতীগৰাকী। চৰম সিদ্ধান্ত লোৱা যুৱতীগৰাকীৰ নাম ৰিতুমণি ৰয়। ৫ ডিচেম্বৰত বিয়া আছিল ৰিতুমণিৰ। বিয়ালৈ আছিল মাজত মাত্ৰ ১১দিন।

সকলো যো-জা চলি আছিল। চিঠিও ছপা কৰি উলিয়াই বিয়াৰ নিমন্ত্ৰণ দিছিল ৰিতুমণিয়ে। কিন্তু হঠাতে যেন কাল অমানিশা নামি আহিল। গুৱাহাটীত এটা সংবাদমাধ্যমত বাতৰি পৰিৱেশক হিচাপে কাম কৰা ৰিতুমণিয়ে জীৱনৰ সকলো মায়া মোহ ত্যাগ কৰি ল’লে চৰম সিদ্ধান্ত। গুৱাহাটীৰ কাহিলীপাৰাত ঘৰ যুৱতীগৰাকীৰ।

সংবাদ প্ৰতিষ্ঠানটোৰ ভিতৰতে উদ্ধাৰ হ’ল ৰিতুমণিৰ মৃতদেহ। পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। কাৰ্যালয়ৰ কৰ্মচাৰীসকলে সদৰি কৰা তথ্য অনুসৰি, যোৱা ২৩নৱেম্বৰত পুৱাতেই ডিউটিলৈ আহিছিল যুৱতীগৰাকী। কিন্তু পুৱাতেই অফিচলৈ আহি নিশালৈকে ঘৰলৈ যোৱা নাছিল তেওঁ।।

অৱশেষত ৰাতিপুৱাৰ ভাগত তেওঁৰ নিথৰ দেহ উদ্ধাৰ হয় কাৰ্যালয়ৰ এটা কোঠাত। যুৱতীগৰাকীয়ে এখন চিঠিও লিখি থৈ গৈছে। চিঠিখনত লিখা হৈছে- সকলোৰে ভালৰ বাবেই এই সিদ্ধান্ত। সকলো ভালে থাকিব মোৰ অবিহনে। ছুইচাইড নোটত দেউতাকৰ ফোন নম্বৰটোও লিখি থৈ গৈছে তেওঁ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ৰিতুমণিৰ পিতৃ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী। জানিব পৰা মতে পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ নাছিল ৰিতুমণি ৰয়ৰ।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top