• Home
  • অসম
  • নলবাৰীৰ পৰা বাঁহীৰে বিশ্বমুখী যাত্ৰা…!
Image

নলবাৰীৰ পৰা বাঁহীৰে বিশ্বমুখী যাত্ৰা…!

সোমবাৰে পুৱাই উভতি নহা বাটেৰে গুচি গ’ল আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মা

আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান। আজি পুৱা ৬ বাজি ১৫ মিনিটত চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই। যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বাঁহীবাদক দীপক শৰ্মা। দীৰ্ঘদিনে অসুস্থ হৈ আছিল বাঁহীবাদক দীপক শৰ্মা। বাঁহীৰ সুৰেৰে জগত জয় কৰিছিল দীপক শৰ্মাই।

২০১৩ চনলৈ ৩ খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে টেলিভিছনৰ ধাৰাবাহিকত সংগীত পৰিচালনা কৰিছিল দীপক শৰ্মাই। অসমৰ অবিভক্ত কামৰূপ জিলাৰ পানীগাঁৱত বৰ্তমান নলবাৰী জিলাত ১৯৬৮ চনৰ ২৩ আগষ্টত জন্মলাভ কৰিছিল দীপক শৰ্মাই। গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল শৰ্মাই। ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, কলিকতাৰ পৰা ইনষ্ট্ৰুমেণ্টেল মিউজিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ লগতে লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা সংগীত বিশাৰদ।

১৯৯২ চনৰ পৰা পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ তত্বাৱধানত সংগীত শিক্ষা কৰিছিল দীপক শৰ্মাই। ‘জংকি পানৈ’, ‘জাতিঙ্গা ইত্যাদি’, ‘লুইতক ভেটিব কোনে’ত সংগীত পৰিচালনা কৰিছিল দীপক শৰ্মাই। প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মাই সংগীত প্ৰভা বঁটাকে ধৰি কেইবাটাও সন্মান আৰু স্বীকৃতি লাভ কৰিছিল। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ লগতে কেইবাগৰাকী সংগীত শিল্পীৰ লগত বাঁহীবাদক কৰিছিল দীপক শৰ্মাই। আনহাতে দেশৰ লগতে বিদেশতো বাঁহী বজাই মন্ত্ৰমুগ্ধ কৰিছিল দীপক শৰ্মাই।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top