• Home
  • অসম
  • নলবাৰীৰ পৰা বাঁহীৰে বিশ্বমুখী যাত্ৰা…!
Image

নলবাৰীৰ পৰা বাঁহীৰে বিশ্বমুখী যাত্ৰা…!

সোমবাৰে পুৱাই উভতি নহা বাটেৰে গুচি গ’ল আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মা

আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান। আজি পুৱা ৬ বাজি ১৫ মিনিটত চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই। যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বাঁহীবাদক দীপক শৰ্মা। দীৰ্ঘদিনে অসুস্থ হৈ আছিল বাঁহীবাদক দীপক শৰ্মা। বাঁহীৰ সুৰেৰে জগত জয় কৰিছিল দীপক শৰ্মাই।

২০১৩ চনলৈ ৩ খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে টেলিভিছনৰ ধাৰাবাহিকত সংগীত পৰিচালনা কৰিছিল দীপক শৰ্মাই। অসমৰ অবিভক্ত কামৰূপ জিলাৰ পানীগাঁৱত বৰ্তমান নলবাৰী জিলাত ১৯৬৮ চনৰ ২৩ আগষ্টত জন্মলাভ কৰিছিল দীপক শৰ্মাই। গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল শৰ্মাই। ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়, কলিকতাৰ পৰা ইনষ্ট্ৰুমেণ্টেল মিউজিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ লগতে লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা সংগীত বিশাৰদ।

১৯৯২ চনৰ পৰা পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ তত্বাৱধানত সংগীত শিক্ষা কৰিছিল দীপক শৰ্মাই। ‘জংকি পানৈ’, ‘জাতিঙ্গা ইত্যাদি’, ‘লুইতক ভেটিব কোনে’ত সংগীত পৰিচালনা কৰিছিল দীপক শৰ্মাই। প্ৰসিদ্ধ বাঁহীবাদক দীপক শৰ্মাই সংগীত প্ৰভা বঁটাকে ধৰি কেইবাটাও সন্মান আৰু স্বীকৃতি লাভ কৰিছিল। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ লগতে কেইবাগৰাকী সংগীত শিল্পীৰ লগত বাঁহীবাদক কৰিছিল দীপক শৰ্মাই। আনহাতে দেশৰ লগতে বিদেশতো বাঁহী বজাই মন্ত্ৰমুগ্ধ কৰিছিল দীপক শৰ্মাই।

Releated Posts

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হব ভোটগ্ৰহণ প্ৰক্ৰিয়া শ্ৰীভূমি জিলাত…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top