• Home
  • অসম
  • ৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিত প্ৰতিশ্ৰুতিৰ বন্য়া 
Image

৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিত প্ৰতিশ্ৰুতিৰ বন্য়া 

বিধানসভা নিৰ্বাচনক লৈ শাসক, বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰো প্ৰচাৰ তুংগত উঠিছে । ৰাজ্যৰ আন সমষ্টিৰ দৰে গুৱাহাটীৰ ডিমৰীয়া বিধানসভা সমষ্টিতো প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ অভিযানৰে চমক সৃষ্টি কৰি ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।বিশেষকৈ ডিমৰীয়া সমষ্টিত এনডিএৰ অগপ প্ৰাৰ্থী ড৹ তপন দাস, বিৰোধী মিত্ৰজোঁটৰ কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱা আৰু নিৰ্দলীয় প্ৰাৰ্থী নিতুল দাসে নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে । শনিবাৰে নৱগঠিত ডিমৰীয়া সমষ্টিৰ অগপ প্ৰাৰ্থী তপন দাসে সমষ্টিটোৰ অন্তগৰ্ত নুনমাটিৰ শালবাৰী, বাপুজী নগৰ ৰাজহুৱা নামঘৰ, মাধৱপুৰ, বিষ্ণুপুৰ আদি বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় ।ডিমৰীয়া সমষ্টিৰ প্ৰান্তে প্ৰান্তে কংগ্ৰেছৰ কিশোৰ কুমাৰ বৰুৱাই নিৰ্বাচনী প্ৰচাৰ চলাইছে । বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থীৰ সমান্তৰালকৈ ডিমৰীয়া বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱাই সমষ্টিটো অন্তৰ্গত কেইবাটাও ৱাৰ্ডত প্ৰচাৰ চলোৱাৰ লগতে নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে ।কংগ্ৰেছ চৰকাৰ শাসনত আহিলে দলে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা ৫ গেৰাণ্টী পূৰণ কৰিব বুলিও ভোটাৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়ে । এই নিৰ্বাচনী সভাত অসম জাতীয় পৰিষদৰ ডিমৰীয়া সমষ্টি সমিতিৰ সভাপতি ধৰ্মকান্ত ডেকা,নুনমাটি ব্লক কংগ্ৰেছৰ সভাপতি পৰেশ ৰহাং, পানীখাইতি ব্লক কংগ্ৰেছৰ সভাপতি আনন্দ দাস আদি উপস্থিত থাকে । সভাৰ পূৰ্বে নাৰেংগীৰ ঔঘূলি কাৰ্বি দেহালত সেৱা লৈ তেওঁ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে ।

Releated Posts

জুবিন গাৰ্গ গোচৰৰ নতুন মোৰ

জুবিন গাৰ্গ গোচৰৰ নতুন মোৰ ভিডিঅ’ ফুটেজক লৈ আদালতত আৰম্ভ নতুন বিতৰ্ক জুবিন গাৰ্গ হত্যাকাণ্ডৰ বিচাৰৰ ভিডিঅ’ ফুটেজৰ…

ByByMahesh Malakar Jun 16, 2026

অসমতে সুৰক্ষিত নহয় খিলঞ্জীয়া অসমীয়া

অসমতে সুৰক্ষিত নহয় খিলঞ্জীয়া অসমীয়া স্বামীৰ সন্মুখতে অৰ্ধ উলংগ কৰা হ’ল এগৰাকী মহিলাক এফালৰ পৰা খুলি দিয়া হ’ল…

ByByMahesh Malakar Jun 16, 2026

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি ২৭ জুনত দ্বিবিভক্ত হ’ব বিজেপি নতুন বিজেপি বনাম পুৰনি বিজেপি গঠন হব নেকি…

ByByMahesh Malakar Jun 15, 2026

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ আজান বন্ধ কৰিব বিচৰা সকলৰ জধা মূৰ্খ আখ্যা এইবাৰ অসমীয়া নহয় মুছ…

ByByMahesh Malakar Jun 15, 2026
Scroll to Top