ডিগবৈৰ বগাপানীত ৰেলৰ ইঞ্জিনৰ খুণ্ডাত গুৰুতৰ ভাৱে আহত এজন যুৱক।

ডিগবৈৰ বগাপানীত ৰেলৰ ইঞ্জিনৰ খুণ্ডাত গুৰুতৰ ভাৱে আহত এজন যুৱক।

আহত যুৱকজন চুলেমান উৰাং বুলি জানিব পৰা গৈছে।চুলেমান উৰাং লিডুলৈ যাবৰ বাবে ৰেল আলি কাষত বহি থকা অৱস্থাত ৰেল লাইন মেৰামতি কৰা কামত ব্যবহৃত ৰেল বিভাগৰ গাড়িয়ে মহঁতিয়াই নিয়াত সোঁ ভৰিটো টুকুৰা হৈ পৰে। গুৰুত্বৰ ভাৱে আহত লোকজন ঘৰ তিনিচুকীয়া জিলাৰ মাকুমত।
ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত সম্প্ৰতি চিকিৎসাধীন চুলেমান ওৰাং।