বিশ্ববিখ্যাত আধ্যাত্মিক আৰু সামাজিক সংস্থা “মানৱ উত্থান সেৱা সমিতি”ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগত অহা ৪ আৰু ৫ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে লক্ষাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হ’ব এক বিশাল সদভাৱনা সন্মিলন ।

নগাঁও জিলাৰ কলিয়াবৰৰ চুলুংস্থিত শ্ৰীহংস নামবোধ আশ্ৰমৰ প্ৰাংগণত অলপতে অনুষ্ঠিত মানৱ উত্থান সেৱা সমিতিৰ কেন্দ্ৰীয় বৈঠকত এই সিদ্ধান্ত লোৱা হয় । সমিতিৰ প্ৰেছ সচিব পংকজ কুমাৰ দাসে জনোৱা মতে, সাম্প্ৰতিক সময়ত মানৱৰ হৃদয়ত লোপ পাবলৈ ধৰা আধ্যাত্মিক চেতনা,পাৰস্পৰিক সদভাৱনা,ধাৰ্মিক সহিষ্ণুতা জাগ্ৰত কৰি সমাজত এক সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্য কলিয়াবৰৰ চুলুঙত অনুষ্ঠিত হ’বলগা এই সদভাৱনা সন্মিলনত ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মীয় স্থানৰ পৰা অহা সু-প্ৰসিদ্ধ ধৰ্মাচাৰ্য,বিদ্বান,সন্ত-মহাত্মা তথা আধ্যাত্মিক জগতৰ বৰ্তমান সময়ৰ সু-বিখ্যাত তত্বদৰ্শী মহাপুৰুষ,মানৱ ধৰ্মৰ প্ৰণেতা সৎগুৰুদেৱ শ্ৰীসতপালদেৱ মহাৰাজে সকলো ধৰ্মগ্ৰন্থৰ আধাৰত আত্মকল্যাণকাৰী সৎসঙ্গ প্ৰৱচন আগবঢ়াব । সন্মিলনত সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে মানৱ উত্থান সেৱা সমিতিয়ে । উল্লেখ্য যে, মানৱ সমাজত বৰ্তমান সময়ত সদভাৱনাৰ আৱশ্যকতাক গুৰুত্ব দি সদভাৱনাৰ দ্বাৰা সমাজত পৰস্পৰ প্ৰেম,ভাতৃত্ববোধ,একতা,শান্তি স্থাপনৰ লক্ষ্যৰে এই সদভাৱনা সন্মিলনৰ আয়োজন কৰিছে মানৱ উত্থান সেৱা সমিতিয়ে।