বিলাসীপাৰা সমজিলাৰ টিলাপাৰা বজাৰত বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত হয় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু দোকান-পোহাৰ। পুৱাৰ ভাগত লগা জুইৰ লেলিহান শিখাই পুৰি ছাৰখাৰ কৰে কেইবা কোটি টকাৰ সা-সম্পত্তি । জুইৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । পৰৱৰ্তী সময়ত কিছু পলমকৈ হলেও ঘটনাস্থলীত বিলাসীপাৰা আৰু চাপৰৰ পৰা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰে। ফলত জুইৰ শিখাৰ পৰা ৰক্ষা পৰে টিলাপাৰা বজাৰৰ আন আন দোকান পোহাৰসমূহ।