মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত ৭৫ খন পতাকা উত্তোলন ।

ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি শুভাৰম্ভ কৰা হয় । মুঠ ৭৫ খন পতাকা উত্তোলনৰে আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান । উদযাপন সমিতিৰ সভাপতি তথা মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰাৰ লগতে আন ৭৪ খন পতাকা উত্তোলন কৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষীয়ে । আনফালে, বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ অধ্যক্ষ গায়ত্ৰী চৌধুৰীয়ে । স্মৃতি তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমৰ গোহাঁইয়ে । প্ৰয়াত কৃষ্ণ প্ৰসাদ সিংহ সোঁৱৰণী গ্ৰন্থ মেলা আৰু বিজ্ঞান প্ৰদৰ্শনী দ্বাৰ মুকলি কৰে বিশিষ্ট সাহিত্যিক তথা বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ বৰুণ বৰাই । বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱাই । বিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই মাৰ্ঘেৰিটা নগৰ পৰিভ্ৰমণ কৰি পুনৰ বিদ্যালয়ৰ খেলপথাৰত সমাপ্ত কৰে । বিভিন্ন জাতি-জনগোষ্ঠীৰ অৰ্ধশতাধিক সাংস্কৃতিক দলৰ বিশাল শোভাযাত্ৰাই সকলোকে মনমুগ্ধ কৰে ।