অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জাগুন ১০ মাইলৰ এটা ক্ৰেচাৰ মিলৰ পৰা বুধবাৰে দিন দুপৰতে অপহৰণৰ ঘটনা। এই অপহৰণ কাণ্ডক লৈ অঞ্চলজুৰি সৃষ্টি কৰিছে এতিয়া তীব্র চেপা উত্তেজনা। উল্লেখ্য যে, ক্ৰেচাৰটোৰ স্বত্বাধিকাৰী কৃষ্ণ ছেত্ৰী আজি পুৱা ভতিজাক প্ৰকাশ ছেত্ৰীৰ সৈতে আহিছিল নিজা মালিকাধীন ক্ৰেচাৰলৈ। প্ৰাপ্ত খবৰ অনুসৰি কিছু সময়ৰ পিছতেই এখন ডাম্পাৰত সেনা-বাহিনীৰ পোচাক পৰিহিত সশস্ত্ৰ ৫-৬জনীয়া দল এটা ক্ৰেচাৰটোত উপস্থিত হয়।সেই মুহূৰ্তটেই ক্ৰেচাৰটোৰ মালিক আৰু ভতিজাকক ফৰচুনাৰ বাহনত উঠাই নাতিদূৰৈত থকা নৈৰ পাৰলৈ লৈ যায়। ২৪ বছৰীয়া ভতিজাক প্ৰকাশে সশস্ত্ৰ দলটোক দদায়েকৰ ৰূগ্ন স্বাস্থ্যৰ কথা দোহাই দি মুকলি কৰি দিবলৈ অনুৰোধ জনোৱাত দলটোৱে কৃষ্ণ ছেত্ৰীক উক্ত স্থানতে মুকলি কৰি ভতিজাকক নৈ পাৰ কৰি এখন ডাম্পাৰেৰে ৱাৰা বস্তি হৈ উধাও হয়। অপহৰণৰ ঘটনাৰ খবৰ লাভ কৰি আৰক্ষী আৰু সেনা বাহিনীৰলোক ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ সীমান্তবৰ্তী অঞ্চলটোত ব্যাপক অভিযান আৰম্ভ কৰে। বাতৰি যুগুত কৰা মুহুৰ্তলৈকে কোনো ধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই প্ৰশাসনে। উল্লেখ্যযোগ্য যে চলিত বৰ্ষৰ ২৩ অক্টোবৰৰ দিনা ১০ মাইলৰে ৰাধা চেতিয়া নামৰ ব্যৱসায়ী এজনৰ মালিকাধীন হিমালয়ান টি ফেক্টৰীৰ পৰা মহৰি গৌতম বসুমতাৰীক অপহৰণ কৰি আলফাৰ ম্যানমাৰস্থিত কেম্পলৈ লৈ গৈছিল। আৰু সম্পূৰ্ণ এটা পষেকৰ পিছত গৌতম বসুমতাৰীক মুক্তি কৰি দিছিল।গৌতমক অপহৰণ কৰাৰ দৰেই বুধবাৰৰ অপহৰণ কাণ্ডত আলফা(স্বাধীন) জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয়লোকে ।সীমান্তবৰ্তী এলেকাত যি সময়ত সেনা-আৰক্ষীয়ে গিজগিজাই থাকে তেনে সময়তেই দিন-দুপৰত ডাম্পাৰত উঠি আহি এটা সশস্ত্ৰ দলে এইদৰে অপহৰণ কাণ্ড সংঘটিত কৰা ঘটনাই নিৰাপত্তাৰ ফোপোলা স্বৰূপটোহে উদঙাই তুলিছে।