মুখ্যমন্ত্ৰীয়ে গো-মাংস ৰাজ্যত বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতো ৰমৰমীয়া ভাবে চলি আছে নিষিদ্ধ মাংসৰ এই বেহা।

কাৰ ছত্ৰছায়াত ৰমৰমীয়া ভাবে চলাই আহিছে গো-মাংসৰ ৰমৰমীয়া বেহা

আকৌ ধুবুৰীৰ তামাৰহাট আৰক্ষী হাতত গো-মাংসৰ চোৰাং বেপাৰী।

ধুুবুৰীৰ আৰক্ষীৰ অভিযানত তিনি কুইণ্টল পঞ্চাশ কেজি গো—মাংসসহ চাৰিজনক আটক ।

লগতে আৰক্ষীয়ে জব্দ কৰিছে তিনিখনকৈ বাহন,দুখনকৈ ই-ৰিক্সা, এখন স্কুটি ।

আৰক্ষীয়ে আটক কৰা ব্যক্তি কেইজন হৈছে ছিদ্দিক আলী, মোস্তাফা শেখ, হেকমত আলী আৰু আনিছুল হক ।

পশ্চিমবঙ্গৰ পৰা অসমলৈ সৰবৰাহকাৰী কেইটাই লৈ আহিছিল মাংসখিনি ।

পুৱতি নিশা অসম-বংগ সীমান্ত ধুবুৰীৰ কামানডাঙ্গাত আটক কৰে সৰবৰাহকাৰী কেইটাক ।

আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি অবৈধভাৱে নিত্য নতুন কৌশল অৱলম্বন কৰি চলাই গৈছিল গো—মাংস সৰবৰাহ।

তামাৰহাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া জ্যোতি মিলিৰ চকুত ধুলি দি যাৱ নোৱাৰিলে এইকেইটা অপৰাধীয়ে৷