*ৰাজহুৱা অনুষ্ঠানৰ বাবে ভূমিৰ মালিকীস্বত্ব সহজীকৰণ :
নামঘৰ ,ধৰ্মীয় অনুষ্ঠান আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ দৰে অব্যক্তিগত ন্যায়িক প্ৰতিষ্ঠানে মিছন
বয়ুন্ধৰা ৩.oৰ অধীনত ভূমি আবণ্টনৰ বাবে আবেদনৰ হেতু কেবিনেটে সমবায় পঞ্জীয়ন আইনৰ
অধীনত নৱীকৰণ মাচুল ৰেহাইৰ অনুমোদন জনাইছে ।
যোৱা তিনি বছৰৰ অডিটৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তাও এনে ক্ষেত্ৰত ৰেহাই দিয়া
হ’ব ।
*খাজনা পৰিশোধৰ সুবিধা:
অনলাইনত খাজনা পৰিশোধৰ ক্ষেত্ৰত সাধাৰণ ভূমিৰ মালিকসকলে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি
গুৰুত্ব দি কেবিনেটে পূৰ্বে প্ৰচলিত প্ৰণালী অনুসৰি মেনুৱেল ৰচিদৰ সৈতে খাজনা পৰিশোধতো
অনুমোদন জনাইছে ।
কেবিনেটে অৱশ্যে ভূমি প্ৰশাসনৰ সংস্কাৰৰ স্বাৰ্থত পট্ৰাদাৰসকলক ই-খাজনা প’ৰ্টেলত পৰিশোধৰ
প্ৰক্ৰিয়া অব্যাহত ৰখাৰো অনুমতি দিছে ।
*অসমত আধাৰ কাৰ্ডৰ নামভৰ্তিৰ এছ অ’ পি :
অসমত আধাৰ আবেদনকাৰীসকলৰ সত্যতা নিশ্চিত কৰিবলৈ কেবিনেটে অসমত আধাৰ কাৰ্ডৰ
নামভৰ্তিৰ বাবে ‘ৰাজ্য চৰকাৰৰ প’ৰ্টেলৰ অধীনত নতুন এছ অ’ পি ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন
জনাইছে ।
এছ অ’ পিৰ মুখ্য দিশসমূহ –
*এছ অ’ পি ৰূপায়ণৰ বাবে সাধাৰণ প্ৰশাসন বিভাগ সমন্বয়কাৰী বিভাগ (Nodal Department)হ’ব ।
*ৰাজ্য চৰকাৰে দাখিল কৰা নথি-পত্ৰসমূহ পৰীক্ষা কৰিব আৰু প্ৰাপ্তিৰ ৪৫ দিনৰ ভিতৰত সেইসমূহ ইউ আই ডি এ
আই লৈ অনলাইনযোগে প্ৰেৰণ কৰিব ।
*অতিৰিক্ত জিলা আয়ুক্তসকলে জিলা পৰ্যায়ত আধাৰ নামভৰ্তি প্ৰামাণীকৰণ তদাৰক কৰিব , আনহাতে চক্ৰ
বিষয়াসকলে ৰাজহ চক্ৰ পৰ্যায়ত প্ৰামাণীকৰণৰ বাবে দায়বদ্ধ হব ।
*চক্ৰ বিষয়াৰ দ্বাৰা নিযুক্ত পৰিদৰ্শন বিষয়াসকলে আবেদনকাৰীসকলে অসম ৰাজ্যত এন আৰ চি ৰ বাবে আবেদন
কৰিছে নে নাই , তাক নিশ্চিত কৰিব ।
*পৰিদৰ্শন বিষয়াসকলে দাখিল কৰা ঠিকনাত আবেদনকাৰী বাস কৰে নে নাই পৰীক্ষা কৰিব লাগিব ।
*ৰাজ্যখনত সেৱা আগবঢ়োৱা চৰকাৰী বিষয়াসকলৰ বাবে এন আৰ চি আবেদনৰ প্ৰয়োজনীয়তা প্ৰযোজ্য নহ’ব ।