গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ প্ৰথম খণ্ডত ভয়ংকৰ কাণ্ড । এছিডেৰে আক্ৰমণ এগৰাকী মহিলাক । কিন্তু কিয় ?

এগৰাকী মহিলাৰ ওপৰত ভয়ংকৰ আক্ৰমণ । এছিডেৰে আক্ৰমণ মহিলাগৰাকীক।
কালি সন্ধিয়া সংঘটিত হয় এই ভয়ংকৰ কাণ্ড । সন্ধিয়া ৭ মান বজাত গাঁৱখনৰ হামিজা বিবি নামৰ
মহিলাগৰাকীক আব্দুল ছফিৰ ওৰফে ক্লেয়াৰ নামৰ ব্যক্তিজনে পৰিকল্পিতভাৱে পিছফালৰ পৰা
অতৰ্কিতে এছিড ছটিয়াই দিয়ে । ফলত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয় । পাছত স্থানীয় ৰাইজ আৰু
পৰিয়ালৰলোকে মহিলাগৰাকীক উদ্ধাৰ কৰি গোলকগঞ্জৰ চিকিৎসালয়লৈ নিয়ে । উল্লেখ্য যে, আব্দুল ছফিৰ
ওৰফে ক্লেয়াৰ নামৰ ব্যক্তিজন মহিলাগৰাকীৰ ভতিজীৰ বিয়াৰ ঘটক আছিল। কিন্তু বিয়াৰ পিছৰ পৰাই
নানান ধৰণৰ অত্যাচাৰ কৰিছিল জোৱায়েকে। ফলত কালি ঘটকৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়।
সেই সময়তেই আব্দুল ছফিৰ ওৰফে ক্লেয়াৰ নামৰ ব্যক্তিজনে মহিলাগৰাকীৰ ওপৰত এছিডেৰে আক্ৰমণ কৰে।
ইতিমধ্যেই মহিলাগৰাকীয়ে গোলকগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰিছে ।