শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা শাখাৰ উদ্যোগত আয়োজিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ উদ্যোগত আৰু পূৱ আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত আয়োজিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাগৰ দেওবাৰে সফল সামৰণি পৰে । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই মহোৎসৱৰ দ্বিতীয়দিনা পুৱা পতাকা উত্তোলন কৰে জিলা সভাপতি অতুল চন্দ্ৰ দাসে । তাৰ পাছতেই শতাধিক আই-বাপে এক দীঘলীয়া ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা কৰি হৰি নামৰ ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল। দিনৰ ১১ বজাত জিলা সভাপতি অতুল চন্দ্ৰ দাসৰ সঞ্চালনাত মূল মঞ্চত অনুষ্ঠিত হয় মুকলি ধৰ্মালোচনী সভা। সম্পাদক দিগন্ত মহন্তই সভা উদ্বোধন কৰাৰ পাছতেই বক্তব্য ৰাখে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে । লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটিৰ অধ্যক্ষ হৰেন্দ্ৰ বৰা, অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যা মামনী বৰা আৰু প্ৰাক্তন জিলা সভাপতি ৰোহিত চৌধুৰীয়েও বক্তব্য ৰাখে। নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰিত মূলৰ প্ৰাক্তন সদস্য তথা বিশিষ্ট গৱেষক, লিখক হাজো জিলা শাখাৰ প্ৰভাত চন্দ্ৰ দাসে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম-দৰ্শনৰ ওপৰত গভীৰ আৰু তাত্ত্বিক বক্তব্য ৰাখি সভাসদক আপ্লুত কৰি ৰাখে । সভাত উপদেষ্টা প্ৰদীপ কুমাৰ বৰা, মুলৰ সদস্য অশোক কুমাৰ বৰুৱা,বৈষ্ণৱ সন্ত নাৰায়ণ ডেকা, মাইবং জিলা শাখাৰ নৃপেন ভূঞাকে প্ৰমুখ্যে জিলা শাখা আৰু বিভিন্ন আঞ্চলিক শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।