বাৰেকুৰিত দুদিনীয়াকৈ “বিশ্ব হলৌ দিৱস-২০২৪” উদযাপন ৷

তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলত বিগত বৰ্ষসমূহৰ দৰেই দুদিনীয়াকৈ “বিশ্ব হলৌ দিৱস-২০২৪” উদযাপন কৰা হৈছে । হলৌ উদ্যানখ্যাত বাৰেকুৰি অঞ্চলৰ দীঘলসাঁকু গাঁৱৰ ৰাজহুৱা খেলপথাৰত বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি আৰু বাৰেকুৰি হলৌ উদ্যান, দীঘলসাকোঁ খণ্ড পৰিচালনা সমিতিৰ যৌথ উদ্যোগত, অসম চৰকাৰৰ সৌজন্যত, বন বিভাগ আৰু তিনিচুকীয়া জিলা প্রশাসনৰ তত্বাৱধানত, অসম মৰাণ সভা, দীঘলসাকোঁ শাখা সমিতি, নৱজ্যোতি যুব সংঘ, দীঘলসাকোঁ গাঁও; সূৰুজজ্যোতি যুৱ সংঘ, ন-মটাপুং গাঁও, দীঘলসাকোঁ মহিলা সমিতি আৰু বাৰেকুৰিবাসী ৰাইজৰ সহযোগত ২৩ আৰু ২৪ অক্টোবৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছে “বিশ্ব হলৌ দিৱস-২০২৪” ৷ বিশ্ব হলৌ দিৱস-২০২৪ ৰ প্ৰথমদিনা পতাকা উত্তোলন, মৃত্যু হোৱা হলৌ বান্দৰৰ পবিত্ৰ স্মৃতিত মাল্যাৰ্পণ, হলৌ বান্দৰ পৰ্য্যবেক্ষণকে আদি কৰি বহুকেইটা কাৰ্য্যসূচী লোৱা হয় । দ্বিতীয়টো দিনত গছপুলি ৰোপণেৰে পুৱা কাৰ্য্যসূচীৰ আৰম্ভ কৰাৰ পাছত এটা বিশাল “হলৌ সংৰক্ষণ আৰু সজাগতামূলক সাংস্কৃতিক শোভাযাত্ৰা” উলিওৱা হয় । উক্ত শোভাযাত্ৰাত বহুকেইগৰাকী পৰিৱেশকৰ্মী, অভিনেতা-অভিনেত্ৰীৰ লগতে বিশেষ বিশেষ ব্যক্তি উপস্থিত থাকিব । সমান্তৰালভাৱে শোভাযাত্ৰা শেষ হোৱাৰ পাছতে এখন মুকলি সভাৰ আয়োজন কৰিছে । য’ত কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক, পৰিচিত পৰিৱেশকৰ্মী, চৰকাৰী বিষয়া, দল-সংগঠনৰ নেতৃত্ব উপস্থিত থাকিব । বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ সভাপতি দিপ্লৱ চেতিয়াই বাৰেকুৰিক পৰ্য্যটনৰ ক্ষেত্ৰখনত কেনেকৈ আগুৱাই লৈ যাব পাৰি তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে বিভিন্ন দিশৰ ওপৰত অনুষ্ঠিত কৰিব লগা অনুষ্ঠানসমূহত সকলো ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি কামনা কৰিছে ৷