হাটশিঙিমাৰীৰ শান্তিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ।গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক চালক ।

জানিবপৰা মতে, দ্ৰুতবেগী আপাচী বাইক চালক
এগৰাকী যুৱকে হাটশিঙিমাৰীৰ পৰা সুখচৰ অভিমুখে
গৈ থকা সময়ত নিয়ন্ত্ৰণ হেৰুৱাই শান্তিপুৰ দলঙৰ
ৰেলিঙত খুন্দা খাই তেজেৰে লুটুৰি পুটুৰি লৈ কেইবামিটাৰ
পথ চুঁচুৰি যোৱাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
ফলত স্থানীয় ৰাইজে ততাতৈয়াকৈ হাটশিঙিমাৰী জিলা
চিকিৎসালয়লৈ লৈ যায় যদিও অৱস্থা সংকটজনক হোৱাৰ বাবে
উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
বাইক চালকজন হাটশিঙিমাৰী কলেজনগৰৰ বুলি জানিব পৰা গৈছে ।