ৰাজ্যৰ ৫ বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ ৷

বিশেষকৈ উপ নিৰ্বাচন অনুষ্ঠিত হবলগীয়া বিহালী বিধান সভা সমষ্টিত আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ আজি বিহালীৰ ৰাংছালি, তিনিসুঁতি আৰু হাতিবন্ধাত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পীযুষ হাজৰিকাই ৷ কংগ্ৰেছে সাংসদ গৌৰৱ গগৈক বিহালীৰ দায়িত্ব দিয়াৰ সমান্তৰালকৈ বিহালীত বিজেপিয়ে সেনাপতি হিচাবে দায়িত্ব অৰ্পণ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাক। লোকসভা নিৰ্বাচনৰ সময়ত যোৰহাটত সমুখ সমৰত আছিল পীযুষ হাজৰিকা আৰু গৌৰৱ গগৈ ৷ এইবাৰ বিহালীতো সমুখ সমৰত অৱতীৰ্ণ হৈছে পীযুষ-গৌৰৱ ৷ বিৰোধীয়ে বিহালীত বিজেপিৰ অৱস্থা যোৰহাটৰ দৰেই হব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, বিৰোধীয়ে সমগ্ৰ অসমত ১৪ টাৰ ৩ টা জিকিছিল আৰু আমি ১১ টা জিকিছিলোঁ ৷ কেইদিনমান আগত হাৰিয়ানাত জিকিম বুলি খানা প্ৰস্তুত কৰিছিল যদিও অৱশেষত মুখত চেঁচা পানী পৰিল ৷ কৰবাত নিৰ্বাচন হৰা জিকা থাকেই ৷ যোৰহাটত ব্যস্ত থকাৰ বাবে মোৰ সমষ্টিত মই এদিন প্ৰচাৰ চলাইছিলোঁ ৷ কিন্তু মোৰ সমষ্টিত বিজেপিয়ে ৭৭ হাজাৰ ভোটৰ ব্যৱধানত আগুৱাইছিল ৷ কৰবাত ভাল হৈছে কৰবাত বেয়া হয় সেইয়া থাকিবই ৷ কিন্তু এইবাৰ বিহালীত আমাৰ ভাল হব ৷ আমাৰ নতুন ৰণ কৌশল একো নাই ৷ মানুহৰ লগত থকাটোৱেই আমাৰ ৰণ কৌশল ৷ ৰাইজৰ পৰা আশীৰ্বাদ লোৱাটোৱেই আমাৰ ৰণ কৌশল ৷ আনহাতে চামগুৰিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, চামগুৰিত এনেকুৱা পৰিস্থিতি কংগ্ৰেছ দলেই কৰে ৷ চামগুৰিত প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছে বেয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ চামগুৰিৰ দৰে পৰিৱেশ বেলেগ সমষ্টিত হব নালগে তাৰ বাবে মই অসমৰ ৰাইজক অনুৰোধ জনাম ৷ ৰকিবুল হুচেইনৰ সমষ্টিত নিৰ্বাচন আহিলে মাৰ পিট হয় য়েই ৷ হিমন্ত বিশ্ব শৰ্মাৰ গাড়ীত ২০১৬ চনত আক্ৰমণ কৰিছিল ৷ আক্ৰমণ তেওঁলোকেই কৰে, এইবাৰ কেৱল বিজেপিৰ মানুহ অলপ তাত বৃদ্ধি পোৱাৰ বাবে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিল ৷