অৰুণাচলৰ পাকে কেচাং জিলাৰ পৰা মটৰ চাইকেল চুৰি, শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ যুৱকৰ বিৰুদ্ধে অভিযোগ

অৰুণাচলৰ পাকে কেচাং জিলাৰ চুচুঙৰ পৰা নানা নাবম নামৰ এজন যুৱকৰ বগা ৰঙৰ য়ামাহা MT 15, Reg. No-AR-01U-2353 মটৰ চাইকেলখন কালি অসমৰ শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ হাচনা বসুমতাৰী নামৰ যুৱক এজনে চুৰি কৰি লৈ যায়। মটৰ চাইকেলখনৰ গৰাকী নানা নাবামে জানিব দিয়া মতে, যোৱা ২৫ জুনৰ সন্ধ্যা হাচনা বসুমতাৰীৰ সহিতে তিনিজন যুৱকে অৰুণাচলৰ চেপাৰ পৰা আহি ৰাতিটো কটাবৰ বাবে নানা নাবমৰ ঘৰত আশ্ৰয় বিচাৰে। দয়ালু নানাই মানৱতাৰ খাতিৰত অচিনাকি যুৱক কেইজনক ৰাতিটোৰ বাবে আশ্ৰয় দিয়ে আৰু ২৬ জুনত তেওলোকক ঘৰৰ পৰা বিদায় দিয়ে।

উল্লেখযোগ্য যে, হাচনা বসুমতাৰী ২৭ জুনৰ আবেলি ৪ মান বজাত অসমৰ পঞ্জীয়নভূক্ত AS-12U 7535 নম্বৰৰ বাজাজ NS 200 মটৰ চাইকেল এখন লৈ পুনৰ উপস্থিত হৈ নানা নাবামৰ ঘৰত কাম কৰি থকা মিস্ত্ৰীক কামৰ বাবে অনুৰোধ জনায়। ২৮ জুনৰ পৰা হাজিৰা কামত যোগদান কৰি যোৱা ২ জুলাইত ঢল পুৱাতে নিজে লৈ অহা পুৰণি বাজাজ মটৰ চাইকেলখন এৰি নাবামৰ নতুন য়ামাহাখন লৈ উধাও হয়।

এই চুৰি সংক্ৰান্তত নাবাম পাকে কেচাং আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।