দক্ষিণ খাটোৱাল সমল কেন্দ্ৰৰ ৮৪১ নং বৰপকা বালিকা মোক্তাৱ বিদ্যালয় এপ্লাচ গ্ৰেড লাভ…

নগাঁও জিলাৰ লাঁওখোৱা শিক্ষাখণ্ডৰ অন্তৰ্গত , দক্ষিণ খাটোৱাল সমল কেন্দ্ৰৰ ৮৪১ নং বৰপকা বালিকা মোক্তাৱ বিদ্যালয় এপ্লাচ গ্ৰেড লাভ ,ৰাজ্যৰ শিক্ষানুষ্ঠানৰ গুণগত মানৰ লগতে শৈক্ষিক দিশ নিৰূপণ কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰত্যেক বছৰে গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে। এইবেলিও ২০২৪-২৫ বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত কৰিছিল ৰাজ্য চৰকাৰে।

নগাঁও জিলাৰ বহুকেইখন বিদ্যালয়ে গুণোৎসৱত ভাল ফল প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ নগাঁও জিলাৰ লাঁওখোৱা শিক্ষাখণ্ডৰ অন্তৰ্গত হাতীপাৰা সমল কেন্দ্ৰৰ অধীনস্থ নগাঁৱৰ বৰপেটা অঞ্চলৰ ৮৪১ নং বৰপকা বালিকা মোক্তাৱ বিদ্যালয় ২০২৪-২৫ বৰ্ষৰ গুণোৎসৱত ৮৯.৯২ শতাংশ নম্বৰে এ প্লাচ গ্ৰেড লাভ কৰি বৃহত্তৰ নগাঁও জিলাৰ লগতে তাৰাবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে। ৮৪১ নং বৰপকা বালিকা মোক্তাৱ বিদ্যালয়খনৰ প্ৰধান শিক্ষক মজিবুৰ ৰহমান ,শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমল কেন্দ্ৰৰ বিষয়া আদিত্য বৰা প্ৰচেষ্টাত বিদ্যালয়খনে শৈক্ষিক দিশত বহু পৰিমাণৰ শিক্ষাৰ পোহৰ বিলাবলৈ সক্ষম হৈছে।