ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্ব‌‌‌লিল জুৰী‌য়া গড়াজানৰ স্নিগ্ধা মণ্ডল।সমৰকলাত ব্ৰঞ্জৰ পদকৰে জুৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে স্নিগ্ধা মণ্ডলে …

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্ব‌‌‌লিল জুৰী‌য়া গড়াজানৰ স্নিগ্ধা মণ্ডল।সমৰকলাত ব্ৰঞ্জৰ পদকৰে জুৰীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে স্নিগ্ধা মণ্ডলে ।উত্তৰ পূৰ্বাঞ্চলৰ সৌজন্যত নাগালেণ্ডত অনুষ্ঠিত খেলু ইণ্ডিয়াত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল স্নিগ্ধা মণ্ডলে।১৭ আৰু ১৮ মাৰ্চত নাগালেণ্ডত অনুষ্ঠিত হৈছিল “মহিলাৰ খেলু ইণ্ডিয়া”।ব্ৰঞ্জৰ পদক লাভ কৰি অসমৰ লগতে সমগ্ৰ নগাঁও জিলাৰ জুৰীয়াৰ গৌৰৱ কঢ়িয়াই আনিলে স্নিগ্ধা মণ্ডলে ৷ফুটালজাৰৰ উদিয়মান যুৱক ৰিকবুলে ডেৰ বছৰ ধৰি গড়াজান মাৰ্কাজ একাডেমীত প্ৰশিক্ষণ দিছিল স্নিগ্ধা মণ্ডলক।

স্নিগ্ধা মণ্ডলৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ নগাঁওবাসী ৷স্নিগ্ধা মণ্ডলৰ এনে সাফল্যত আজি জুৰীয়াৰ গড়াজান মাৰ্কাজ একাডেমীত এক সম্ভৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে ৷উক্ত সম্বৰ্ধনা অনুষ্ঠানত বহু গণ্য মান্য ব্যক্তিয়ে বিপুলভাৱে স্নিগ্ধা মণ্ডলক সম্ভৰ্ধনা জ্ঞাপন কৰে ৷