আগমনীৰ সোনাখুলিত দুৰ্ঘটনাত নিহত ৪ গৰাকীকৈ শিশু ।

আগমনীৰ সোনাখুলিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ।
মহা অষ্টমীৰ পুৱাই সংঘটিত হয় দুৰ্ঘটনাটো ।
AS17L6331নম্বৰৰ এখন চাৰিচকীয়া বাহনে মহতীয়াই নিলে চাৰি গৰাকী শিশুক ।
চাৰিগৰাকী শিশুৰ তিনিগৰাকী থিতাতে নিহত ।
চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু এগৰাকী ৪০ দিনীয়া শিশুৰ ।
নিহত মৰিয়ম খাতুন ,জুবাইৰ ৰহমান ,আবু ৰাইহান ,মেহেদি হুছেইন বুলি জানিব পৰা গৈছে ।
আবু ৰাইহানৰ বয়স মাথোঁ ৪০ দিন।
প্ৰাত:ভ্ৰমণলৈ যোৱা শিশুকেইটাক ছাগলীয়াৰ ফালৰ পৰা ধুবুৰী অভিমুখী বাহনখনে মহতীয়াই নিয়াৰ
ফলতেই সংঘটিত হয় ভয়ংকৰ শোকাবহ দুৰ্ঘটনাটো ।
পুৱা দেৱ শিশুটোক কোলাত লৈ তিনিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থিয় হৈ আছিল।
তীব্ৰবেগত অহা কিয়া ছোনেট বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এই পথ দুৰ্ঘটনা সংঘটিত কৰে।