কাইলৈ বিধানসভা নিৰ্বাচন মনোনয়নৰ দাখিল অন্তিম দিন। অৱশেষত মনোনয়ন দাখিলৰ অন্তিম দিনাৰ পূৰ্বে প্ৰকাশ পালে কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী তালিকা। এইবাৰ ৭জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে কংগ্ৰেছে।অসম বিধানসভা নিৰ্বাচন ২০২৬ক লৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। একে সময়তে প্ৰদেশ কংগ্ৰেছেও প্ৰস্তুত কৰিছে বিশেষ ৰণকৌশল।
ইতিমধ্যে ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দলে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা। প্ৰদেশ কংগ্ৰেছেও ইতিমধ্যে সুকীয়া সুকীয়া দিনত ৪খন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছত জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণু গোপাল স্বাক্ষৰিত এক বিবৃতিযোগে ৰাজহুৱা কৰে এই প্ৰাৰ্থী তালিকা।
ঘোষিত প্ৰাৰ্থী
- গোসাইগাঁও সমষ্টিত যোচেফ হাছদাক প্ৰৰ্থিত্ব প্ৰদান
- দতমা(এছ টি)ত বীৰখাং বড়ো
- বিজনীত ৰজত কান্তি সাহা
- ভেৰগাঁৱত আনচুলা গোৱাৰা দৈমাৰী
- মাজবাটত নাৰায়ণ অধিকাৰী
- হাফলং(এছ টি)ত নিৰ্মল লাংথাছা
- কাটিগড়াত অমৰ চান্দ জৈন।













