ৰূপহীহাটৰ কাছখাইটিত উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ।

উজনি অসমৰ শদিয়ালৈ কাম কৰিবলৈ যোৱা ২৪গৰাকী শ্ৰমিক উভতাই পঠালে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।
যেতিয়ালৈ মুখ্যমন্ত্ৰীয়ে শ্ৰমিকসকলক নিৰাপত্তা নিদিব, তেতিয়ালৈকে কোনো কাৰণতে যাবলৈ দিয়া নহ’ব উজনি অসমত। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই ধাৰাবাহিক অভিযান অব্যাহত থাকিব । উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাই আছে য’ত মান -ইজ্জত আছে, য’ত শ্ৰমিকৰ আত্ম সন্মান আছে, তেনে ক্ষেত্ৰত উজনি অসমৰ বিভিন্ন দল -সংগঠনৰ মাৰপিটৰ বলি হবলৈ দিয়া নহ’ব বুলি হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। অসম চৰকাৰ তথা উজনি অসমৰ ৩০টা দল সংগঠনে যেতিয়ালৈকে নিৰাপত্তা সুৰক্ষিত নকৰে, তেনে পৰ্যন্ত শ্ৰমিকসকলক উজনি অসমত যোৱাত বাধা আৰোপ কৰি যাব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। প্ৰথমে শ্ৰমিকসকলক মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, পাছতহে যিকোনো জিলাত কাম কৰিবলৈ যাওঁক আমাৰ কোনো আপত্তি নাই এইবুলি মন্তব্য কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ।