ৰাজ্যৰ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এটা প্ৰতিনিধি দলৰ বাবেই শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি হব হ’বলগাত পৰিছে ।বিশ্ববিদ্যালয়খনৰ বিভিন্ন সমস্যাৰ সমাধানৰ সন্দৰ্ভত আলোচনা কৰিবলৈ অহা ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলক অসন্মান আৰু অপমান কৰাৰ অভিযোগ উঠিছে শিক্ষা মন্ত্ৰী ডা০ পেগুৰ বিৰুদ্ধে। শিক্ষামন্ত্ৰীগৰাকীৰ ধেমাজিস্থিত বাসগৃহলৈ আমন্ত্ৰণ মৰ্মে গৈছিল বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলা ২০২৫-২৬ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সভাপতি, সাধাৰণ সম্পাদক, আলোচনী সম্পাদক, ফুটবল সম্পাদককে ধৰি আন আন বিষয়ববীয়াসকল। তেওঁলোকে বিশ্ববিদ্যালয়খনৰ নামভৰ্তি মাচুল ৫০ শতাংশ ৰেহাইকে ধৰি আন কেতবোৰ সমস্যা সমাধানৰ বাবে মন্ত্ৰীগৰাকীক সাক্ষাত কৰিবলৈ।সমস্যা সমাধানৰ আশাৰে যোৱা দলটোক মন্ত্ৰীগৰাকীয়ে দুৰ্বব্যৱহাৰ কৰাৰ এক অভিযোগ উঠিছে।অভিযোগ অনুসৰি, শিক্ষামন্ত্ৰীগৰাকীয়ে দলটোক কয় যে, টেট শিক্ষকতকৈ তেওঁলোকৰ মগজু কম। ৬ বছৰীয়া অসম আন্দোলন কৰি কি ফালিলি বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে। তাৰোপৰি আন্দোলন কৰিলে একোৱেই নিদিও বুলি মন্তব্য কৰে। তেওঁ এইবুলিও কয়- বন্দুক লৈ একো কৰিব নোৱাৰিলে, তঁহতে কি কৰিবি বুলি প্ৰতিনিধি দলটোক অপমান কৰে। এনে আচৰণৰ বিৰুদ্ধে ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে। আনহাতে শিক্ষামন্ত্ৰীগৰাকীৰ সমগ্ৰ বিষয়টোৰ উচিত তদন্তৰ বাবে ছাত্ৰ একতা সভাই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ বাবে অনুৰোধ জনাইছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধি দলক দুৰ্ব্যৱহাৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ
Tags:
Releated Posts
‘৪ মে’ত অসমত গঠন হ’ব বিৰোধীৰ চৰকাৰ
নিৰ্বাচনী ফলাফললৈ মাজত মাত্ৰ এটা দিন বাকী ‘৪ মে’ত অসমত গঠন হ’ব বিৰোধীৰ চৰকাৰ গৌৰৱ গগৈ হ’ব মুখ্যমন্ত্ৰী’…
ভোট গণনাক লৈ যোৰহাটত ১৬৩ ধাৰা জাৰি
ভোট গণনাক লৈ যোৰহাটত ১৬৩ ধাৰা জাৰি ভোটগণনা কেন্দ্ৰৰ চৌহদত সমদল,শ্লগান দিব নোৱাৰিব ভোটকেন্দ্ৰৰ ভিতৰলৈ নিজ নোৱাৰিব মোবাইল…
আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ
আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ আজি আদালতত হাজিৰ কৰোৱা হ’ব মঠঘৰীয়াত দুৰ্ঘট*না সংঘটিত কৰা ছামিম আহমেদক…
‘জুবিনে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব’
জুবিনক্ষেত্ৰত উপস্থিত জুবিন প্ৰিয়তমা গৰিমা গাৰ্গ দুচকুত কেৱল চকুলো ‘জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পাওক’ ‘জুবিনে ন্যায় নাপালে ন্যায়…












