সৰভোগৰ গান্ধী ময়দানত বৰপেটা জিলা কংগ্ৰেছ কমিটি, চকচকা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন ।

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সৰভোগতো গান্ধী জয়ন্তী দিৱস উদযাপন । চকচকা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি কল্যাণজিৎ দাস গোৱৰ্ধনা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ফাৰুক আব্দুল্লাহ আহমেদ আৰু মন্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় বিভিন্ন কাৰ্য্যসূচীৰে গান্ধী জয়ন্তী । অনুষ্ঠানত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বিৰাজ প্ৰভাকৰ সাথে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্য্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ , বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ৰাজীৱ হকৰ লগতে স্থানীয় ৰাইজ। আনফালে, বৰনগৰৰ ন গৰাকী শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনায় কংগ্ৰেছ দলে । বিজেপি চৰকাৰক তীব্ৰ বাক্যৰে সমালোচনা কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে । বিজেপি স্বৈৰাতন্ত্ৰ শাসন অৱসান ঘটাই আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰে । জাতিৰ পিতা মহাত্মা গান্ধীক নাথুৰাম গড্চে বন্ধুকৰে গুলীয়াই হত্যা কৰিছিল । বিজেপি চৰকাৰে নাথুৰাম গড্চৰ নীতি আদৰ্শ অনুসৰণ কৰে বুলি মন্তব্য বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ। সমাগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি বিধায়ক জাকিৰ হুছেইন শিকদাৰে উল্লেখ কৰে ।