ঢেকীয়াজুলিৰ পৰা ৰঙাপাৰালৈ আৰম্ভ হল ‘জন আশীৰ্বাদ যাত্ৰা’ ।অসমত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত বিজেপিয়ে শোণিতপুৰ জিলাৰ পৰা আৰম্ভ কৰিছে ‘জন আশীৰ্বাদ যাত্ৰা’ । বিজেপিৰ এই ৰাজনৈতিক যাত্ৰাই জিলাখনৰ বিভিন্ন অঞ্চলত ব্যাপক উৎসাহ-উদ্দীপনা সৃষ্টি কৰে। এই যাত্ৰাত ৰাজ্য়ৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য়িক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্য়িক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেবিনেট মন্ত্ৰী অশোক সিংহল সমন্বিতে একাধিক নেতা কৰ্মীয়ে যোগদান কৰে ।এই জন আশীৰ্বাদ যাত্ৰাই ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপাৰা এই পাঁচটা সমষ্টিৰ কেবাটাও অঞ্চলত উপস্থিত হৈ জনসাধাৰণৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰিব ৷৯ মাৰ্চলৈ চলিব এই যাত্ৰা।মুখ্যমন্ত্ৰী শৰ্মাই গুপ্তেশ্বৰ মন্দিৰত প্ৰাৰ্থনা জনাই যাত্ৰা আৰম্ভ কৰে আৰু অসমৰ সকলো মানুহৰ আশীৰ্বাদ বিচাৰে। তেওঁ জনতা আৰু সমৰ্থকসকলক আহ্বান জনাই কয় যে আত্মনির্ভৰ, সুৰক্ষিত আৰু সমৃদ্ধ অসম গঢ়ি তুলিবলৈ লগতে চৰকাৰ পুনৰ গঠন কৰিবলৈ জনতাৰ সমৰ্থনৰ প্ৰয়োজন। বিগত সময়ছোৱাত চৰকাৰখনক সহযোগ কৰা বাবে অসমবাসীক কৃতজ্ঞতাও জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।বিজেপিৰ মতে, জন আশীৰ্বাদ যাত্ৰাৰ মূল উদ্দেশ্য হৈছে নাগৰিকৰ সৈতে সংযোগ স্থাপন কৰি জনতাৰ আশীৰ্বাদ লাভ কৰা।

অসমত আজিৰে পৰা আৰম্ভ বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’
Tags:
Releated Posts
ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে জিলাই জিলাই চলিব বৃহৎ উচ্ছেদ
ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে জিলাই জিলাই চলিব বৃহৎ উচ্ছেদ হোটেল, ধাবা, দোকান-পোহাৰ সকলোতে চলিব বুলড’জাৰ মাত্ৰ ৬০ দিনৰ সময়সীমা…
অসমৰ সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ বিৰোধীয়ে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী
অসমৰ সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ বিৰোধীয়ে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ অপপ্ৰচাৰত ভোল নাযাব বিৰোধীয়ে ব্যৱহাৰ কৰা Gerrymandering…
USTM-ত ৫ দিনীয়াকৈ অনুষ্ঠিত হব NSS উৎসৱ ২০২৬
প্ৰেছ বিজ্ঞপ্তি USTM-ত ৫ দিনীয়াকৈ অনুষ্ঠিত হব NSS উৎসৱ ২০২৬:যুৱ শক্তিক সশক্ত কৰি ৰাষ্ট্ৰীয় একতাৰ দিশে এক গুৰুত্বপূৰ্ণ…
USTM-ত ৫ দিনীয়াকৈ অনুষ্ঠিত হব NSS উৎসৱ ২০২৬:
প্ৰেছ বিজ্ঞপ্তি USTM-ত ৫ দিনীয়াকৈ অনুষ্ঠিত হব NSS উৎসৱ ২০২৬: যুৱ শক্তিক সশক্ত কৰি ৰাষ্ট্ৰীয় একতাৰ দিশে এক…












