দুটামান আসন অভ্যাস কৰিলেই আপুনি PCOD আৰু PCOS ৰ পৰা পৰিত্ৰাণ পাব । যদি এনেধৰণৰ সমস্যা আছে , তেন্তে সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

১) বাটাৰ ফ্লাই – বহি লৈ দুয়োটা ভৰিৰ তলুৱা লগ লগাই দুয়োখন হাতেৰে ভৰি দুখনৰ আঙুলিত ধৰি নিজৰ ওচৰলৈ টানি ল’ব লাগে। তাৰ পাছত দুয়োটা আঁঠু ওপৰ তল ওপৰ তল কৰিব লাগে। নিজকে পখিলা বুলি ভাবি ভৰি দুখন লৰাবলৈ চেষ্টা কৰিব। এনেকৈ ১০০ বাৰলৈ কৰিলে ভাল।
২) বদ্ধ কোণাসন- বাটাৰ ফ্লাই আসনটোতে থাকি ভৰি দুখন আগলৈ নিব। দীঘলকৈ উশাহ লৈ তাৰ পাছত উশাহটো এৰি এৰি লাহে লাহে আগলৈ হাউলি দিব আৰু কপালখন ভৰিৰ বুঢ়া আঙুলি দুটাত লগাবলৈ চেষ্টা কৰিব। এই আসনটোত ১০ ছেকেণ্ড সময় থাকিব। তাৰ পাছত লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি আহিব।
৩) জানুশিৰাসন – এখন ভৰি কোচাই ল’ব। ইখন ভৰি চিধা হৈ থাকিব। হাত দুখন ওপৰলৈ নি দীঘলকৈ উশাহ লৈ লাহে লাহে উশাহটো এৰি হাতেৰে ভৰিখন ধৰিবলৈ চেষ্টা কৰিব আৰু নাকটো আঁঠুত লগাই দিবলৈ চেষ্টা কৰিব। তাৰ পাছত উশাহটো লৈ লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি আহিব। একেধৰণে আনটো ভৰিও কৰিব।
৪) চতুৰ্থ ভুজঙ্গাসন- ভুজঙ্গাসন থাইৰয়ডৰ বাবে এটা খুবেই ভাল আসন। প্ৰথমতে পেট পেলাই শুব লাগে। ভৰি দুখন লগ লগাই ৰাখিব। বুকুৰ ওচৰত হাত দুখনৰ তলুৱা ৰাখিব আৰু উশাহ লৈ লৈ শৰীৰৰ আগফালটো লাহে লাহে ওপৰলৈ উঠাই দিব। উশাহটো এৰি এৰি তললৈ আকৌ নামি আহিব।
৫) ধনুৰাসন- প্ৰথমতে পেট পেলাই শুই ল’ব। ভৰি দুখন ভাজ কৰি হাত দুখনেৰে ধৰিব। তাৰ পাছত উশাহ লৈ লৈ ভৰিৰ আঁঠুৰ পৰা ওপৰলৈ উঠাই দিব। সমান্তৰালকৈ শৰীৰৰ আগফালটো ওপৰলৈ উঠাই দিব। হাত দুখনেৰে ভৰি টানিব, ভৰি দুখনেৰে হাত দুখন টানিব। ৫ৰ পৰা ১০ চেকেণ্ড এই মুদ্ৰাত থকাৰ পাছত লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি আহিব।
৬) সেতুবন্ধাসন – প্ৰথমতে ওপৰলৈ মূৰ কৰি শুই ল’ব । তাৰ পাছত ভৰি দুখন চপাই দুয়োখন হাতেৰে চুবলৈ যত্ন কৰিব। যদি ভৰি দুখন হাত দুখনেৰে চুব নোৱাৰে তেতিয়া যিমানখিনিলৈকে আপুনি পাৰে সিমানখিনিলৈকে কৰিব। তাৰ পাছত উশাহ লৈ লৈ শৰীৰৰ মাজৰ অংশ ওপৰলৈ উঠাই দিব আৰু থুতৰিটো বুকুত লগাবলৈ যত্ন কৰিব। যদি হাতেৰে ভৰি দুখন ধৰিব নোৱাৰে তেতিয়া হাত দুখন লক কৰি ভৰি দুখনৰ মাজত ৰাখিব পাৰে নাইবা হাতেৰে কঁকালটো ঠেলি ৰাখিব পাৰে। উশাহ-নিশাহ সাধাৰণভাৱে চলি থাকিব। আৰু এই আসনটোত ৫ ৰ পৰা ১০ চেকেণ্ড সময় থাকিব লাগে। তাৰ পাছত লাহে লাহে এৰি দিব।