• Home
  • অসম
  • আজি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পঞ্চম মৃ*ত্যু বাৰ্ষিকী
Image

আজি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পঞ্চম মৃ*ত্যু বাৰ্ষিকী

আজি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পঞ্চম মৃত্যু বাৰ্ষিকী। ২০২০ চনৰ আজি দিনটোতেই শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মৃত্যু বাৰ্ষিকীত তেওঁলৈ জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।

অসম প্ৰদেশ কংগ্ৰেছেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যু বাৰ্ষিকীত তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই সামাজিক মাধ্যমত উল্লেখ কৰে, ‘অসমৰ জনসাধাৰণৰ প্ৰতি তৰুণ গগৈদেৱৰ প্ৰেম,সেৱা আৰু দায়বদ্ধতাই আজিও আমাক অনুপ্ৰাণিত কৰে। তেখেতে কৈছিল- “মোৰ ৰাজনৈতিক জীৱনৰ মন্ত্ৰ হ’ল অসমৰ জনসাধাৰণৰ মৰম… এই ‘মন্ত্ৰ’ৰে, মই ভৱিষ্যতেও কাম কৰি যাম।”

‘তেখেতৰ আদৰ্শক বুকুত বান্ধি, প্ৰতিটো দিন প্ৰেম,শান্তি আৰু উন্নতিৰ হকে কাম কৰি যাবলৈ আমি সংকল্পবদ্ধ। অসমবাসীৰ হৃদয়ত সদায় জীয়াই থাকিব তৰুণ গগৈদেৱ। মৃত্যুবাৰ্ষিকী উপলক্ষে মহান নেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছো।’

এইদৰে সামাজিক মাধ্যমত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰে।

Releated Posts

ধুনীয়া হোৱাটো যোগ্যতাৰ মাপকাঠি নহয় ; জ্ঞানশ্ৰী বৰা

 আগন্তুক বিধানসভা নিৰ্বাচনত মৰিয়নী সমষ্টিত ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ড৹ জ্ঞানশ্ৰী বৰাই । ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক সমষ্টিটোৰ…

ByByMahesh Malakar Mar 9, 2026

এটা সমষ্টিৰ বাবেই মিত্ৰতা ভংগ ৰাইজৰ দল আৰু কংগ্ৰেছৰ

এটা সমষ্টিৰ বাবে ৰাইজৰ দল-কংগ্ৰেছৰ মিত্ৰতাত লাগিল আউল।ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ।এই কথা ঘোষণা কৰিলে অখিল গগৈয়ে।ধিং…

ByByMahesh Malakar Mar 9, 2026

ডিটেনচন কেম্পত থকা ‘বিদেশী’ ঘোষিত মহিলাই CAAৰ অধীনত অসমত পালে ভাৰতীয় নাগৰিকত্ব

যোৱা ৪ মাৰ্চত দীপালী দাস নামৰ এগৰাকী মহিলাই CAA-ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি…

ByByMahesh Malakar Mar 7, 2026

হঠাৎ বৃদ্ধি LPG চিলিণ্ডাৰৰ দাম

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ অসমত হঠাৎ বৃদ্ধি LPG চিলিণ্ডাৰৰ দাম পুনৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ ঘৰুৱা চিলিণ্ডাৰত বৃদ্ধি ৬০…

ByByMahesh Malakar Mar 7, 2026
Scroll to Top