Image

ভয়ংকৰ পথ দুৰ্ঘটনা!

থিতাতে প্ৰাণ হেৰুৱালে ৯ জনে, গুৰুতৰভাৱে আহত কেইবাজনো লোক

উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ দেৱা থানা এলেকাত সোমবাৰে মাজনিশা সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে থিতাতে ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজৰ সহযোগত আহতসকলক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ত বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে।

দেৱা থানা এলেকাৰ কুটলুপুৰ গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। পঞ্জীয়নবিহীন অৰ্টিগা বাহনত যাত্ৰা কৰি থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা এখন দ্ৰুতবেগী ট্ৰাকে খুন্দা মাৰে বুলি জানিব পৰা গৈছে। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ হৈছিল যে অৰ্টিগাখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল আৰু তাৰ ভিতৰত সকলো লোক আবদ্ধ হৈ পৰিছিল।

দুৰ্ঘটনাৰ শব্দ শুনি ওচৰৰ গাঁওবাসীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে। লগে লগে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে দেৱা থানাৰ আৰক্ষীয়ে। তাৰ পিছতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে, ট্ৰাকখন তীব্ৰ বেগেৰে গৈ থকাত অৰ্টিগা গাড়ীৰ সৈতে সংঘৰ্ষ হয়। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ হৈ পৰিছিল যে গাড়ীখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

আৰক্ষীয়ে জনোৱা মতে, গাড়ীৰ পঞ্জীয়ন নম্বৰ নথকাৰ বাবে মৃত লোকজনৰ চিনাক্তকৰণ কঠিন হৈ পৰিছে, কিন্তু শীঘ্ৰে সকলো মৃত লোকৰ চিনাক্তকৰণ কৰা হ’ব। এই মৰ্মান্তিক দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। ইফালে এই দুৰ্ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

ইফালে মধ্যপ্ৰদেশৰ ইন্দোৰৰ ছিমৰল থানা এলেকাত সংঘটিত হৈছে আন এক এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা ভেৰু ঘাটত নিয়ন্ত্ৰণ হেৰুৱাই ৫০ ফুট দ খাৱৈত বাগৰি পৰে ওমকাৰেশ্বৰৰ পৰা ইন্দোৰ হৈ উজ্জয়িনলৈ যোৱা এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত জাহাজখনত আছিল প্ৰায় ৫০ জন যাত্ৰী। থিতাতে দুগৰাকী মহিলাসহ তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৮জনতকৈ অধিক যাত্ৰী গুৰুতৰভাৱে আহত হয়।

Releated Posts

দেশ কঁপাই যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা

দেশ কঁপাই যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা ১৮ জনকৈ লোক নিহত , আহত ২৪জনকৈ লোক নিহত ২ জন বিদেশী…

ByByMahesh Malakar Feb 23, 2026

গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি দ্বিতীয়টো দিন

গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি দ্বিতীয়টো দিন। সৰুসজাইত CRPFৰ ৮৭ সংখ্যক দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব অমিত শ্বাহ।…

ByByMahesh Malakar Feb 21, 2026

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ অভিযোগ মিছা

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ অভিযোগ মিছা গৌৰৱ গগৈ পাকিস্তান এজেণ্ট নহয় গৌৰৱ গগৈৰ বিৰুদ্ধে অনা অভিযোগ অসমৰ ৰাইজে…

ByByMahesh Malakar Feb 20, 2026

হঠাৎ অসম ভ্ৰমণ বাতিল প্ৰিয়ংকা গান্ধীৰ

হঠাৎ অসম ভ্ৰমণ বাতিল প্ৰিয়ংকা গান্ধীৰ আজি দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণৰ কৰা কথা আছিল প্ৰিয়ংকা গান্ধীৰ আজি গোৱাহাটীৰ…

ByByMahesh Malakar Feb 18, 2026
Scroll to Top