আমিনগাঁৱত সংঘটিত শিক্ষক সমাজক লজ্জানত কৰা ঘটনা

আমিনগাঁৱত সংঘটিত হল শিক্ষক সমাজক লজ্জানত কৰা ঘটনা ।
শিক্ষাৰ্থীক নিচাযুক্ত টেৱলেট সেৱন কৰোৱাই অসৎ কামত লিপ্ত কৰোৱাৰ অভিযোগ এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ।

কামৰূপ জিলাৰ আমিনগাঁৱত সংঘটিত হল শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা । শিক্ষাৰ্থীক নিচাযুক্ত টেৱলেট সেৱন কৰালে শিক্ষয়িত্ৰীয়ে ।
দানৱৰ ৰূপত দেখা গল টিউচন শিক্ষয়ত্ৰী লিনা কলিতা ওৰফে মমিক ।
ছাত্ৰ-ছাত্ৰীক নিচাযুক্ত টেবলেট খুৱাই অসৎ কামত লিপ্ত কৰোৱাৰ মমিৰ বিৰুদ্ধে অভিযোগ অভিভাৱকৰ ।
অচেতন অৱস্থাত উদ্ধাৰ হোৱা কেইবাজনো ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়ত ভৰ্ত্তি অভিভাৱকৰ ।
আমিনগাঁৱৰ ত্ৰিনয়ন নগৰৰ টিউচন শিক্ষয়ত্ৰী লীনা কলিতাৰ বিৰুদ্ধে এই অভিযোগ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ ।
ঘটনা সন্দৰ্ভত আমিনগাঁও আৰক্ষীৰ চকীত গোচৰ ৰুজু ভুক্তভোগী শিক্ষাৰ্থীৰ অভিভাৱকৰ ।

টিউচন শিক্ষয়িত্ৰী লিনা কলিতা ওৰফে মমিয়ে নিজেও ড্ৰাগছ সেৱন কৰে বুলিও জানিব পৰা গৈছে ।

◾প্ৰেৰক – পঙ্কজ নাথ, উত্তৰ গুৱাহাটী