কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত যমুনাপাগলা থানত AS-09C-3494 নম্বৰৰ টেম্পু গাড়ীখনে নিজ গতি বেগ হেৰুৱাই পথ দুৰ্ঘটনাত পতিত হয় ।
গাড়ী চালক জনৰ নাম ৰুপেশ গৌড় । টেম্পুখনত ৪/৫ জন যাত্ৰী লৈ যমুনাপাগলাথানৰ তিনিআলিত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।
স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত যাত্ৰী সকলক উন্নত চিকিত্সাৰ বাবে স্থায়ী চিকিত্সালয়লৈ প্ৰেৰণ কৰে।
হাওৰাঘাট আৰক্ষী ঘটনাস্থলীত উপস্হিত হৈ চালক জনক আটক কৰে।